ETV Bharat / state

সম্পূৰ্ণ কলিয়াবৰ বান প্ৰলয়ৰ তিনিটা বছৰ - কলিয়াবৰ বানপানী

তিনিটা বছৰ পাৰ হ'ল মহাপ্ৰলয়ৰ ৷ কিন্তু এই তিনিটা বছৰে বানপীড়িতই নাপালে ক্ষতিপূৰণ ৷ ২০১৮ চনৰ ৯ আগষ্টত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই এক সভাত কলিয়াবৰৰ বান পীড়িতসকলক সাহাৰ্য বিতৰণ কৰে ৷ কিন্তু তাৰ পিচতেই সাহাৰ্য বিতৰণৰ নামত আৰম্ভ হয় স্বজনপ্ৰীতি ৷ তাৰপিচতে ৰাজপথ অৱৰোধ,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও ৷ ইমানতে শান্ত নাথাকিল কলিয়াবৰৰ বঞ্চিত জনতা ৷

2017 flood in Kaliabar
2017 flood in Kaliabar
author img

By

Published : Aug 14, 2020, 5:49 PM IST

কলিয়াবৰ, 14 আগষ্টঃ ২০১৭ চনৰ ১২ আগষ্টৰ নিশা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কলং মুখত থকা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী চাৰে তিনি কিলোমটাৰ দৈঘ্যৰ মথাউৰিটো ভাঙি সমগ্ৰ কলিয়াবৰত সৃষ্টি হৈছিল বান বিভীষিকা । হাতীমূৰা-কুকুৰাকটা পাহাৰক সংযোগ কৰি নগাঁও নগৰক ৰক্ষা কৰিবলৈ কলিয়াবৰৰ কলঙৰ মুখত মথাউৰিও নিৰ্মাণ কৰা হৈছিল‌ । কিন্তু প্ৰথম দুটা মথাউৰি খহাই নিয়ে ব্ৰহ্মপুত্ৰই । আৰু 45 বছৰীয়া তৃতীয় মথাউৰিটো চিঙি বানে সৃষ্টি কৰিছিল মহাপ্ৰলয় ৷ কলিয়াবৰবাসীৰ মনত আজিও সজীৱ হৈ আছে সেই প্ৰলয়ৰ স্মৃতি ।

২০১৭ চনৰ ১২ আগষ্ট

তিনিটা বছৰ পাৰ হ'ল মহাপ্ৰলয়ৰ ৷ কিন্তু এই তিনিটা বছৰে বানপীড়িতই নাপালে ক্ষতিপূৰণ ৷ ২০১৮ চনৰ ৯ আগষ্টত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই এক সভাত কলিয়াবৰৰ বান পীড়িতসকলক সাহাৰ্য বিতৰণ কৰে ৷ কিন্তু তাৰ পিচতেই সাহাৰ্য বিতৰণৰ নামত আৰম্ভ হয় স্বজনপ্ৰীতি ৷ তাৰপিচতে ৰাজপথ অৱৰোধ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও ৷ ইমানতে শান্ত নাথাকিল কলিয়াবৰৰ বঞ্চিত জনতা ৷ পাঁচগৰাকী চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বান পীড়িতই ৷ ফলশ্ৰুতিত সাহাৰ্য বিতৰণ স্থগিত ৰখাৰ লগতে পাঁচ গাঁওবুঢ়াক নিলম্বিতও কৰা হয় । কিন্তু ক্ষতিপূৰণৰ নামত আজিও নোলাল কোনো সমাধান সূত্ৰ । বিপৰীতে নিলম্বিত পাঁচ গাঁওবুঢ়াক উপহাৰহে দিলে চৰকাৰে ৷ পুনৰ মকৰল কৰা হ'ল দায়িত্বত ৷

Kaliabar
কলিয়াবৰ

লগতে পঢ়কঃ কন্যাশ্ৰী যোজনাৰ দ্বাৰা 67 লাখ ছোৱালী উপকৃত হৈছেঃ মমতা বেনাৰ্জী

2019 চনৰ 28 মাৰ্চ, দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্ত, গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাজপা-অগপৰ উমৈহতীয়া প্ৰাৰ্থী মণিমাধৱ মহন্তৰ প্ৰচাৰ সভাত পুনৰ ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে কলিয়াবৰ বানত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ সেয়াও প্ৰতিশ্ৰুতিতে ৰ'ল ৷

ইফালে ২০১৭ চনতে বানত ক্ষতিগ্ৰস্ত হোৱা জলসিঞ্চনৰ নলা মেৰামতি কৰাৰ কোনো ব‍্যৱস্থা নোলোৱাকৈয়ে তিনিটা বছৰ পৰা কৰিলে জলসিঞ্চন বিভাগে । যাৰ বাবে কলিয়াবৰৰ হাতীমূৰা উত্তোলিত জলসিঞ্চন আঁচনিৰ ভগ্ন নলাসমূহ যোৱা তিনি বছৰে মেৰামতি নকৰাত বৰষুণৰ পানীৰ ওপৰতে ভৰষা কৰি খেতি কৰিব লগা হৈছে কলিয়াবৰৰ খেতিয়কে। ২০১৭ চনৰ ১৮ আগষ্টত নগাঁৱৰ অতিৰিক্ত উপায়ুক্তই মথাউৰি চিঙি যোৱাৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰিবলৈ গঠন কৰি দিয়া তদন্ত সমিতিৰ প্ৰতিবেদন আজিলৈকে ৰাজহুৱা নহ'ল ৷ সকলতে মাথো প্ৰৱঞ্চনাৰ জাল ৷ তিনি বছৰ পাৰ হ'ল, চিঙি যোৱা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিটোৰ নিৰ্মাণো সম্পূৰ্ণ হ'ল। ক্ষতিপূৰণ আৰু মথাউৰি নিৰ্মাণৰ বিষয়টোক লৈ চলি থাকিল ৰাজনীতি ৷ স্থানীয় বিধায়ক খোদ জলসিঞ্চন মন্ত্ৰী হোৱাৰ পিচতো কলিয়াবৰৰ ৰাইজ আজি বিপদত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.