কলিয়াবৰ,31 মে’: কলিয়াবৰৰ চুলুং বজাৰত দেওবাৰে পুৱা পাইকাৰী মাছ বিক্ৰী কেন্দ্ৰৰ লগতে শাক-পাচলি বজাৰত অভাৱনীয় হাৰত ভিৰ কৰে গ্ৰাহকে ৷ ক’ভিড সম্পৰ্কীয় চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি শতাধিক মানুহৰ সমাগম হৈছিল চুলুঙৰ পাইকাৰী মাছ বজাৰখনত ৷
![কলিয়াবৰৰ চুলুং এলেকাত 144 ধাৰা জাৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-31-03-144-at-kaliabor-vis-asc10014_31052021090744_3105f_1622432264_876.jpg)
লক্ষণীয়ভাৱে চুলুঙত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ ৷ তাৰপাচতো কিন্তু গা নলৰিল একাংশ স্থানীয় লোকৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত চুলুঙৰ দলাপানী আৰু গেমন ইণ্ডিয়া কোম্পানীৰ এক অঞ্চলক প্ৰশাসনে ঘোষণা কৰিছিল কণ্টেইনমেন্ট জ’ন হিচাপে ৷
![কলিয়াবৰৰ চুলুং এলেকাত 144 ধাৰা জাৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-31-03-144-at-kaliabor-vis-asc10014_31052021090744_3105f_1622432264_685.jpg)
দেওবাৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত প্ৰশাসনে চুলুঙত জাৰি কৰে ১৪৪ ধাৰা ৷ এই ধাৰা অনুসৰি, এই সময়ছোৱাত একেলগে একে স্থানত চাৰিজন ব্যক্তি গোট খাব নোৱাৰিব ৷ তদুপৰি এই নিয়ম ভংগ কৰিলে আইনমতে দণ্ডনীয় হ’ব ৷ পৰৱৰ্তী ৭ দিনলৈ ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে ৷ আনহাতে, পৰিস্থিতি উন্নত নহ’লে এই সময়সীমা বৃদ্ধি পাব পাৰে বুলি জনাইছে প্ৰশাসনে ৷
লগতে চাওকঃ পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন