বঢ়মপুৰ, 4 জুন : পুনৰ ৰেলৰ পৰা পলায়ন ১২ গৰাকী যাত্ৰীৰ ৷ কামপুৰৰ লাওপানী ৰেল ষ্টেচনৰ পৰা ক'ভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছিল যাত্ৰী সকলে ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সহযোগত কামপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যাত্ৰী সকলক ৷ যাত্ৰী কেইগৰাকী কেৰালাৰ পৰা অহা থিৰুৱন্তপুৰম এক্সপ্ৰেছত হোজাই লামডিং অভিমুখে আহিছিল ।
ঘটনাৰ খবৰ পাই নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ তৎপৰতাত কামপুৰ আৰক্ষীৰ সহযোগত ১২ গৰাকী যাত্ৰীক কাৰায়ত্ব কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কামপুৰ আৰক্ষীয়ে কাৰায়ত্ব কৰা যাত্ৰী সকলৰ ক'ভিড পৰীক্ষা কৰাৰ লগতে 71/21 U/S 51/B of BM. Act নম্বৰৰ এক গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । যাত্ৰী সকলৰ ঘৰ কামপুৰৰ কচুৱা আৰু ৰাজাগাঁও অঞ্চলত ।
লগতে পঢ়ক : ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ