ETV Bharat / state

কলিয়াবৰত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ

author img

By

Published : Aug 11, 2020, 7:52 PM IST

সোমবাৰলৈকৈ ৰেপিড এণ্টিজেন টেষ্টত ১০৪ গৰাকীৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ । মঙলবাৰৰ বিয়লি পৰ্যন্ত ৰেপিড এণ্টিজেন টেষ্টত মুঠ ৯ (ন) গৰাকী ব‍্যক্তি ক’ভিড-19 পজিটিভ ধৰা পৰাৰ লগে লগে মহকুমাটোত ক’ভিড-19 আক্ৰান্তৰ সংখ‍্যা ১১৩ গৰাকীলৈ বৃদ্ধি পালে ৷

113 Covid Positive Till Now at Kaliabor
কলিয়াবৰত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ

কলিয়াবৰ,11আগষ্টঃ কলিয়াবৰত যোৱা ৩০ জুলাইৰ পৰা ক’ভিড-19 সংক্ৰমণ পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছিল ৰেপিড এণ্টিজেন টেষ্ট । কলিয়াবৰ মহকুমা স্বাস্থ‍্য বিভাগৰ উদ‍্যোগত জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়ৰ তত্বাৱধানত কলিয়াবৰৰ জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছিল। কেন্দ্ৰটোৰ তত্বাৱধানত বিভিন্ন স্থানত হোৱা ক’ভিড টেষ্টত এক ভয়াবহ তথ‍্য পোহৰলৈ আহিছে।

কলিয়াবৰত ক’ভিড-১৯ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে । কলিয়াবৰত সোমবাৰলৈকৈ ৰেপিড এণ্টিজেন টেষ্টত ১০৪ গৰাকী ব‍্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ। ইতিমধ‍্যে এগৰাকী আৰক্ষী আৰু এজন বন সুৰক্ষা বাহিনীৰ জোৱানৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ উল্লেখযোগ্য যে, স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ জোৱান আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ ইপিনে আন দুজন কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ সংক্ৰমণ ধৰা পৰাৰ পিচত জখলাবন্ধাৰ হোটেল মহাৰাজক "কণ্টেইনমেণ্ট জ'ন" হিচাবে ঘোষণা কৰা হৈছে। জখলাবন্ধাত পূৰ্বতে "ৰয় ক্লথ ষ্ট'ৰ"কো "কণ্টেইনমেন জ'ন" ৰূপে কলিয়াবৰ মহকুমা প্ৰশাসনে ঘোষণা কৰিছিল।

শেহতীয়া তথ‍্য মতে, মঙলবাৰৰ বিয়লিলৈকে ৰেপিড এণ্টিজেন টেষ্টত মুঠ ৯ (ন) গৰাকী ব‍্যক্তি ক’ভিড-19 পজিটিভ ধৰা পৰিছে ৷ ইয়াকে লৈ মহকুমাতোত ৩০ জুলাইৰ পৰা আক্ৰান্তৰ সংখ‍্যা ১১৩ গৰাকীলৈ বৃদ্ধি পালে। ইপিনে এই সংখ‍্যা আৰু অধিক হোৱাৰ সম্ভাৱনা ব‍্যক্ত কৰিছে স্বাস্থ‍্য বিভাগৰ ফালৰ পৰা।

লগতে পঢ়কঃ মৰিগাঁৱত জোঁৱাইৰ লটি-ঘটি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.