ETV Bharat / state

World Suicide Prevention Day: মৰিগাঁৱত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 10:27 PM IST

মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন । মানসিক ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত আগবঢ়াবলগীয়া সজাগতা আৰু আত্মহত্যা প্ৰতিৰোধৰ সন্দৰ্ভত অনুষ্ঠিত হয় সজাগতা সভা ।

Awareness Meeting in Marigaon
মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়

মৰিগাঁও, ১০ ছেপ্টেম্বৰ: মৰিগাঁও অসামৰিক চিকিৎসালয়ত দেওবাৰে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয় । এই দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত নাৰ্ছ তথা চিকিৎসাকৰ্মী সকলৰ দ্বায়িত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত ইচ্ছামৃত্যু প্ৰৱণতা ৰোধৰ ব্যৱস্থা বিষয়ত অনলাইনৰ যোগে উপলব্ধ দিহা-পৰামৰ্শৰ বিষয়ত আলোচনা কৰা হয়।

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ তথা মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয় । জিলাখনৰ পাঁচটাকৈ নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় আত্মহত্যা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, আত্মহত্যা কৰিব বিচৰা লোক সকলক কেনেকৈ সহায় কৰিব পৰা যায় সেই সম্পৰ্কে এই বিশেষ সজাগতা সভাত আলোচনা কৰা হয় ।

"কৰ্মৰ জৰিয়তে আশাৰ সৃষ্টি কৰা" শীৰ্ষক বিষয়বস্তুৰে মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত সপ্তাহযোৰা কাৰ্যসূচীৰে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মহত্যা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি,মানসিক,শাৰীৰিক অশান্তিত ভোগী থকা লোকসকলক কেনেকৈ সহায়-সহযোগিতা কৰিব পাৰি তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত হয় ।

মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিষয়া ডাঃ জয়ন্ত দত্ত আৰু মানসিক স্বাস্থ্য বিভাগৰ মনস্তত্ত্ববিদ নিমিষা হীৰু বৰাই মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষাৰ্থীসকলক লৈ আয়োজন কৰা উক্ত সজাগতা সভাত মানসিক স্বাস্থ্য বিষয়া দুগৰাকীয়ে সমাজত অব্যাহত থকা আত্মহত্যাৰ কাৰক আৰু ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে বাখ্যা কৰে । তেওঁলোকে এই সামাজিক ব্যাধি তথা আত্মঘাতীৰ প্ৰৱণতা দূৰীকৰণৰ বেলিকা আমাৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভতো ব্য়াখ্য়া কৰে ।

লগতে পঢ়ক:Knee pain reasons: আঁঠুৰ বিষত ভুগিছে নেকি আপুনি ? জানক আঁঠুৰ বিষৰ কাৰণসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.