মৰিগাঁও, 12 আগষ্টঃ মৰিগাঁৱৰ মাটিপৰ্বত গাঁৱত বোৱাৰীক ধৰ্ষণৰ অপচেষ্টাৰ চলোৱাৰ অভিযোগ ৷ মৰিগাঁও ধৰমতুল থানাৰ অন্তৰ্গত মাটিপৰ্বতৰ এগৰাকী বোৱাৰী নিজৰ দোকানত থকাৰ সময়তে একে গাঁৱৰে ব্ৰজমোহন দাস নামৰ এজন যুৱকজনে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বিগত ২৯ জুলাইত সন্ধিয়া ভুক্তভোগী মহিলা গৰাকী স্বামীৰ অনুপস্থিতিতৰ সময়ত দোকানত আছিল মহিলা গৰাকী । আনহাতে বৰষুণ আহি থকাৰ বাবে কোনো লোকৰ সমাগম নাছিল উক্ত স্থানত । সেই সময়তে বাইকত তেল ভৰোৱাৰ চলেৰে ধৰ্ষণৰ অপচেষ্টা চলোৱা বুলি ব্ৰজমোহন দাস নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷
ঘটনা সন্দৰ্ভত গাঁৱৰ গাঁওবুঢ়া,VDPৰ সহায় বিচাৰিছিল যদিও কোনো আগবাঢ়ি নহাত উপায়ন্তৰ হৈ ধৰমতুল থানাত এহাজাৰ দাখিল কৰে ভুক্তভোগীয়ে । তাৰোপৰি ঘটনা সন্দৰ্ভত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত মৰিগাঁও আৰক্ষী অধীক্ষৰ কাষ চাপে ভুক্তভোগী ৷ কিন্তু আজি পৰ্যন্ত এই সমস্যাৰ সমাধান হোৱা নাই তথা ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মত প্ৰকাশ ভুক্তভোগীৰ ৷
লগতে পঢ়কঃ নিউজ লাইভৰ সংবাদদাতা মৃদুল বৰুৱাৰ বিয়োগ