ETV Bharat / state

বগাহাতীত পৰিণত মৰিগাঁৱৰ পঞ্চবৰী পানী যোগান আঁচনি - পঞ্চবৰী পানী যোগান আঁচনি

মৰিগাওঁ জিলাৰ ২নং বৰচলাৰ পঞ্চবৰী পানী যোগান আঁচনিখন বিগত পাঁচ-ছয়বছৰে পৰিত্যক্ত অৱস্থাত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল ৷ উল্লেখ্য যে,পঞ্চবৰী পানীযোগান আঁচনিখন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মোটা অংকৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৷ পিছে চৰকাৰ সলনিৰ লগে লগে আঁচনিখন পৰিত্যক্ত অৱস্থাত পৰি ৰয় ৷

Water supply Construction become white elephant at morigaon assam
অচল পানী যোগান আঁচনি
author img

By

Published : Feb 19, 2020, 10:34 AM IST

মৰিগাওঁ,19 ফেব্ৰুৱাৰীঃ মৰিগাঁৱত অচল পানী যোগান আঁচনি ৷ মৰিগাওঁ জিলাৰ ২নং বৰচলাৰ পঞ্চবৰী পানী যোগান আঁচনিখন বিগত পাঁচ-ছয়বছৰে পৰিত্যক্ত অৱস্থাত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল ৷ উল্লেখ্য যে,পঞ্চবৰী পানীযোগান আঁচনিখন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মোটা অংকৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৷ পিছে চৰকাৰ সলনিৰ লগে লগে আঁচনিখন পৰিত্যক্ত অৱস্থাত পৰি ৰয় ৷

Water supply Construction become white elephant
চৰকাৰ সলনিৰ লগে লগে আঁচনি পৰিত্যক্ত

আনহাতে,বিগত সময়ছোৱাত পঞ্চবৰীবাসী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰে যদিও আজিকোপতি সাৰ পোৱা নাই কুম্ভকৰ্ণ নিদ্ৰাত অভ্যস্ত বিভাগটোৱে ৷ তদুপৰি এইক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীৰো নাই কোনো অৰিহণা ৷ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে স্থানীয় জনসাধাৰণ ৷ আঁচনিখন কাৰ্যকৰী কৰিবলৈ চৰকাৰে এক সুকীয়া ট্ৰেন্সফৰ্মাৰৰো ব্যৱস্থা কৰিছিল বুলি উল্লেখ কৰে স্থানীয় লোকে । সম্প্ৰতি এই ট্ৰেন্সফাৰ্মাৰটোৱো বিকল অৱস্থাত আছে ৷ পৰ্যাপ্ত সকলো ব্যৱস্থা থকাৰ পিছতো আঁচনিখন কাৰ্যকৰী নোহোৱাত অঞ্চলবাসীয়ে ক্ষোভ উজাৰিছে চৰকাৰৰ ওপৰত ৷

অচল পানী যোগান আঁচনি

উল্লেখ্য যে,আঁচনিখন সফল ৰূপায়ণৰ বাবে স্থানীয় ছাইফুল ইছলাম নামৰ মানৱ দৰদী লোকজনে দুই কঠা মাটিয়ো দান কৰিছিল । জনস্বাস্থ্য কাৰিকৰী বিভাগে ধন ঘটিবৰ কাৰণে এনে আঁচনি গ্ৰহণ কৰে বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে চাওকঃপৰিৱেশৰ সুৰক্ষাৰ্থে পদযাত্ৰা কৰা নিজৰা ফুকন উপস্থিত উত্তৰ প্ৰদেশত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.