ETV Bharat / state

তীব্ৰবেগী বাহনে মহতিয়ালে ঘাইপথৰ দাঁতিত আশ্ৰয় লৈ থকা বানাক্ৰান্তক

author img

By

Published : Jun 25, 2022, 8:15 PM IST

মৰিগাঁৱৰ ধৰমতুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Morigaon)৷ শনিবাৰে পুৱতি নিশা এখন তীব্ৰবেগী টাটা মবাইল বাহনে মহতিয়াই নিয়ে ঘাইপথৰ দাঁতিত অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তক ৷ ফলত থিতাতে নিহত হয় এজন, আহত কেইবাজনো ৷

road-accident-in-morigaon
পথ দুৰ্ঘটনা: থিতাতে নিহত এজন, আহত কেইবাজনো

মৰিগাঁও, 25 জুন: শনিবাৰে পুৱতি নিশা মৰিগাঁও জিলাৰ ধৰমতুলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Morigaon)। বানত ক্ষতিগ্ৰস্ত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অস্থায়ী শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তক মহটিয়াই নিলে এখন টাটা মবাইল বাহনে ৷ শনিবাৰে পুৱতি নিশা AS 01 NC 1204 নম্বৰৰ এখন তীব্ৰবেগী টাটা মবাইল বাহনে সংঘটিত কৰে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুল বিষ্ণু মন্দিৰৰ সমীপত অস্থায়ী ভাবে বান শিবিৰত আশ্ৰয় লৈ থকা কেইবাজনো লোকক মহতীয়াই নিয়ে (Vehicle hit flood victims who took shelter on side of highway) ৷ দুৰ্ঘটনাটোৰ ফলত বাবু দাস নামৰ এজন ব্যক্তি থিতাতে নিহত হয় ৷ আনহাতে, এটি শিশু সহ ৭ জনকৈ ব্যক্তি আহত হয় এই ভয়াৱহ দুৰ্ঘটনাটোত (7 people injured in Morigaon) ।

আৰক্ষী আৰু স্থানীয় লোকে ততাতৈয়াকৈ আহত আটাইকেইজনকে এম্বুলেঞ্চৰ জৰিয়তে ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ কৰে । ইফালে মৰিগাঁও ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰাৰ লগতে নেলী আৰু ধৰমতুল আৰক্ষীক কৰ্কথনা কৰা পৰিলক্ষিত হয় ।

উক্ত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধৰমতুলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা ৷ দুৰ্ঘটনাটোত বাবু দাস নামৰ লোকজনৰ মৃত্যুত ক্ষোভিত হৈ জিলা উপায়ুক্ত আৰু নেলী আৰক্ষীৰ ভুমিকাক কঠোৰ সমালোচনা কৰে বানাক্ৰান্ত লোকে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণু মন্দিৰৰ কাষৰ এটা আশ্ৰয় শিবিৰত ৰখাই থোৱা এখন মেক্সিমোত গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন তীব্ৰবেগী টাটা মবাইলে নিশা প্ৰায় ১২-৩০ মান বজাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি আশ্ৰয় শিবিৰটো মহতিয়াই নিয়ে ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ঘটনাস্থলীত থিতাতে নিহত হয় বাবু দাস নামৰ লোকজন ৷ লগতে এটি ন মহীয়া শিশুসহ ৭ জনকৈ লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷

ইপিনে আজি জিলা উপায়ুক্ত প্ৰকাশৰঞ্জন ঘৰফলীয়াই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পথচোৱাত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদানৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক: বালিপৰাত অন কেমেৰা ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.