Kiren Rijiju at Marigaon: আচাৰ্য ইলাৰাম বাপ ঈশ্বৰ সমাজৰ কাৰণে প্ৰেৰণা; কিৰেণ ৰিজিজু - Ekasharan Bhagwati Samaj Assam
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু এক ব্যক্তিগত কাৰ্যসূচী লৈ মৰিগাঁও জিলাৰ এক শৰণ মহাপাল নাম থানত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰে (Union Law Minister Kiren Rijiju) । আচাৰ্য ইলাৰাম বাপ ঈশ্বৰৰ আদৰ্শক প্ৰচাৰ-প্ৰসাৰ কৰাৰ বাবে ৰাজ্য, কেন্দ্ৰ চৰকাৰৰ পৰা সহায় -সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।
![Kiren Rijiju at Marigaon: আচাৰ্য ইলাৰাম বাপ ঈশ্বৰ সমাজৰ কাৰণে প্ৰেৰণা; কিৰেণ ৰিজিজু Union Law Minister Kiren Rijiju](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-17871778-thumbnail-4x3-marigaon-aspera.jpg?imwidth=3840)
মৰিগাঁও, ২৮ ফেব্ৰুৱাৰী: "আপোনালোকৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ যি সহায় সহযোগৰ প্ৰয়োজন সেয়া মোৰ পৰা সদায়ে পাব । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আপোনালোকক সহায় কৰিবলৈ সদায় প্ৰস্তুত ।" এই মন্তব্য কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ । দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত হৈ তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় । কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুই মঙলবাৰে পৰিদৰ্শন কৰে শংকৰদেৱ বঁটা প্ৰাপক ইলাৰাম দাসৰ জন্মভূমিস্থিত অষ্টপ্ৰহৰ পালনাম থান (Union Law Minister Kiren Rijiju at Marigaon)।
তেওঁ কয় ,"এক শৰণ ভাগৱতী সমাজ,অসমৰ প্ৰৱৰ্তক তথা শংকৰদেৱ বঁটা প্ৰাপক আচাৰ্য ইলাৰাম বাপ ঈশ্বৰ সমাজৰ কাৰণে প্ৰেৰণা । তেওঁ আমাৰ কাৰণে প্ৰেৰণা,পথপৰিদৰ্শক । আজি এই পবিত্ৰ জন্মভূমিত আপোনালোকে যি সন্মান জনাইছে এইটো মোৰ বাবে বিশেষ দিন । আজি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যে যদি কিবা কৰিব লগা আছে আমি কৰিম। "
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুই ভাৰতীয় আধ্যাত্মিক পীঠ স্থানলৈ অহা বাহিৰৰ লোকসকল আমাৰ উত্তৰ পূৰবাঞ্চললৈ আহে বুলি মন্তব্য় কৰে । বাহিৰৰ লোকসকলে ইয়ালৈ আহি সুখী অনুভৱ কৰে বুলি মন্তব্য় কৰি তেওঁ কয়, "কাৰণ আমাৰ ইয়াত বহুতো ধৰ্মীয় অনুষ্ঠান আছে । গতিকে আগন্তুক সময়ত একশৰণ ভাগৱতী সমাজৰ যি নীতি আদৰ্শ তাক আমি কেৱল অসমতে সীমাৱদ্ধ নাৰাখি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তলৈকে সম্প্ৰসাৰণৰ চেষ্টা কৰা উচিত ।"
আনহাতে, বিদাই পৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰ্থিক সহায় হিচাপে এক লাখ টকা আগবঢ়োৱা বুলি সদৰি কৰিছে একশৰণ ভাগৱতী সমাজ,অসমৰ সচিব প্ৰধান জ্যোতি প্ৰসাদ দাসে (Ekasharan Bhagwati Samaj Assam)। সচিব জ্যোতি প্ৰসাদ দাসে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুয়ে এক শৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যলয়ত ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা বুলি সদৰী কৰি মন্ত্ৰীগৰাকীৰ পালনাম থানত পদাৰ্পণ কৰাত এক শৰণ ভাগৱতী সমাজৰ বিষয়ববীয়া সকল সুখী হোৱা বুলি তেওঁ কয় । উল্লেখ্য় যে, এইবেলি ৰাজ্যৰ অন্যতম আধ্যাত্মিক অনুষ্ঠান এক শৰণ ভাগৱতী সমাজৰ পালনাম মহোৎসৱৰ বছৰজোৰাকৈ সোণালী মহোৎসৱৰ আয়োজন কৰা হৈছে ( Golden Jubilee Palnaam of Ekasharan Bhagwati Samaj) ৷