মৰিগাঁও, 29 এপ্ৰিল : পবিত্ৰ ৰমজান তথা লক ডাউনৰ মাজতে মৰিগাঁৱত শিশুৰ মল ত্যাগক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় । মঙলবাৰে নিশা জিলাখনৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত নাৰমাৰী গাঁৱৰ মাইনুল আলীৰ পৰিয়ালৰ এটি শিশুৱে নিকটৱৰ্তী মঞ্জুমা বেগমৰ ঘৰত মল ত্যাগ কৰাত দুয়োটা পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ পিছে পৰিয়াল দুটাৰ কাজিয়াৰ মাজত চুবুৰীয়া তৃতীয় পক্ষ উপস্থিত হোৱাৰ ফলত কাজিয়াখনত সাঙোৰ খাই পৰে কেইবাজনো লোক।
নিশা ভাগত দুই ফৈদৰ কাজিয়াই চৰম পৰ্যায় পাৰ কৰাত মঞ্জুমা বেগম তথা মইনুল আলীৰ তিনিখনকৈ ট্ৰাক ভাঙি তাৰে এখনত অগ্নি সংযোগ কৰি দিয়ে বিপৰীত পক্ষই ৷ আনহাতে দুই ফৈদৰ কাজিয়াত চাৰিজনকৈ লোকৰ লগতে এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হয় ৷ প্ৰশাসনৰ ভূমিকা দুৰ্বল হোৱা হেতুকে এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি মন্ত্ব্য কৰে স্থানীয় ৰাইজে ৷