মৰিগাঁও, 3 মাৰ্চ: এ টি এমৰ পৰা আপোনাৰ জমা ধনৰাখি উলিয়াওতে সাৱধান হওক । কাৰণ টকা উলিয়াই আপুনিও পৰিব পাৰে বিপাঙত । মৰিগাঁৱৰ এছ বি আই, এটি এমত পোহৰলৈ আহিছে এক বিসংগতিৰ ঘটনা ।
বুধবাৰে ধ্ৰুৱজ্যোতি বৰদলৈ নামৰ নামৰ এজন লোকে নিজৰ জমা ধনৰাশি উলিয়াবলৈ এ.টি.এম.লৈ আহিছিল । কিন্তু টকা উলিয়াওতে লোকজনে পৰে বিপদত । লোকজনে এ.টি.এম.লৈ আহি উলিয়াইছিল 15000 হাজাৰ টকা । তাৰে 4500 টকাই ওলাল বগা কাগজৰে টাপলি মৰা আৰু পুৰি যোৱা তথা নষ্ট হোৱা নোট ।
কেৱল এজনৰেই নহয় এই এ.টি.এম.টোলৈ অহা আন গ্ৰাহক সকলেও প্ৰায়েই বিপদত পৰাৰো অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: আজিৰ নিশাভাগত মিত্ৰজোঁটে ঘোষণা কৰিব প্ৰাৰ্থীত্ব তালিকা