ETV Bharat / state

পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হৈছে তিৱা বিহু মেলা - মহাদেও শালত পূজা

মুকলি আকাশৰ তলতে পাৰিষদৰ সৈতে আলোচনাত মিলিত হ'ল ৰজা । এই দৃশ্য খাহীগড় তিৱা ৰাজ্যৰ । পৰম্পৰা অক্ষুণ্ণ ৰাখি অসমীয়া নৱবৰ্ষৰ দ্বিতীয় দিনটোত খাহীগড় তিৱা ৰাজ্যত অনুষ্ঠিত হ'ল ঐতিহাসিক তিৱা বিহু মেলা । ফা-মহাদেও শালত পূজা-অৰ্চনা কৰি মেলা অনুষ্ঠিত কৰিলে খাহীগড়ৰ ৰজা অৰূপ ডেকাৰজাই ।

ব'হাগ মাহৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হ'ল ঐতিহাসিক তিৱা বিহু মেলা

author img

By

Published : Apr 17, 2021, 6:23 PM IST

ৰহা, ১৭ এপ্ৰিল: বহাগ মাহৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হ'ল ঐতিহাসিক তিৱা বিহু মেলা । ফা-মহাদেও শালত পূজা-অৰ্চনা কৰিলে খাহীগড়ৰ ৰাজ্যৰ ৰজা অৰূপ ডেকাৰজাই । সাংস্কৃতিক শোভাযাত্ৰা কৰি ৰজা আৰু পাৰিষদসকলক আদৰি আনিলে প্ৰজাই ।

কোনো অত্যাধুনিক সা-সুবিধা, নিৰাপত্তাৰক্ষী, অত্যাধুনিক ভৱন অবিহনে শাসনকাৰ্য চলাই আছে ৰজাই । পথৰ দাঁতিতে মুকলি আকাশৰ তলত পাৰিষদ গণৰ সৈতে আলোচনাত বহিছে ৰজা আৰু পাৰিষদসকলে । মধ্য অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক খাহীগড়ৰ ৰাজ্যৰ ৰজা অৰূপ ডেকাৰজাই ব'হাগ মাহৰ দ্বিতীয় দিনা ফা-মহাদেও শালত পূজা আগবঢ়ায় ।

ব'হাগ মাহৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হ'ল ঐতিহাসিক তিৱা বিহু মেলা

উল্লেখ্য যে, তিৱা ৰজা বীৰ জোঙাল বলহুৱে পূৰ্বতে ফা-মহাদেও শালত দৈনিক পূজা-অৰ্চনা আগবঢ়াই ঈশ্বৰৰ আশিস লৈছিল । সেই ৰীতি অনুসৰি ৰাজ্যখনৰ শান্তি-সমৃদ্ধিৰ বাবে প্ৰতিগৰাকী তিৱা ৰজাই পূজা-অৰ্চনা কৰি আহিছে । ব'হাগ মাহৰ দ্বিতীয় দিনটোত পৰম্পৰা জীয়াই ৰাখিলে জনগোষ্ঠীয় লোকসকলে । নৃত্য-গীত পৰিৱেশন কৰি মেলাথলী আনন্দমুখৰ কৰি তুলিলে জনগোষ্ঠীয় যুৱক-যুৱতীসকলে ।

লগতে পঢ়ক:হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কিহৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.