ETV Bharat / state

পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিব: ৰিমল আমচি

author img

By

Published : Dec 8, 2020, 9:05 AM IST

তিৱা জাতিৰ উন্নয়নৰ বাবে গঠন হোৱা পৰিষদত যিসকল লোকে দায়িত্বভাৰ লৈছে সেইসকলৰ ক্ষেত্ৰত কেৱল অনিয়মৰ মনোভাৱহে দেখিবলৈ পোৱা গৈছে ৷ সেয়ে পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনালে সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ সভাপতি ৰিমল আমচিয়ে ৷

ৰিমল আমচি
ৰিমল আমচি

মৰিগাঁও, 8 ডিচেম্বৰ: পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনালে সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ সভাপতি ৰিমল আমচিয়ে ৷ তিৱা জাতিৰ উন্নয়নৰ বাবে গঠন হোৱা পৰিষদত যিসকল লোকে দায়িত্বভাৰ লৈছে সেইসকলৰ ক্ষেত্ৰত কেৱল অনিয়মৰ মনোভাৱহে দেখিবলৈ পোৱা গৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে কেতবোৰ বিষয়ববীয়াৰ বিৰুদ্ধে ৷ এনে ধৰণৰ মনোভাৱেৰে তিৱা জাতিৰ কেতিয়াও উন্নয়ন নহয় বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

পাৰ্টী চাই নহয় প্ৰাৰ্থী চাইহে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিব: ৰিমল আমচি

ইয়াৰোপৰি তেওঁ কয়, কেইগৰাকীমান লোকৰ বাবে তিৱা স্বায়ত্ব পৰিষদ বগা হাতীলৈ পৰিণত হৈছে ৷ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত নিৰ্বাচনত জয়লাভ কৰি কেনেদৰে ধন ঘটিব পাৰি তেনে ধৰণৰহে মনোভাৱ দেখিবলৈ পোৱা গৈছে বুলি কয় তেওঁ ৷ কিছুমান প্ৰাৰ্থীৰ বক্তব্যতো কিছুমান নিম্নখাপৰ মনোবৃত্তি প্ৰকাশ পায় ৷ কিছুৱে ব্যক্তিগত কাৰণক লৈয়ো নিৰ্বাচনী প্ৰচাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে যিটো দৰাচলতে উচিত নহয় বুলি উল্লেখ কৰে সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: CAA বলৱৎ হ'লে পুনৰ ৰাজপথলৈ ওলাই আহিম: জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.