ETV Bharat / state

তিৱাসকলৰ লোকবিশ্বাস বিজড়িত জেঠমহীয়া শনিপূজা - তিৱা

জনবিশ্বাস মতে জেঠৰ শেষৰ ফালে পানী বাঢ়ে বোৱতী নদ-নদীসমূহত। সেয়ে গঞা সকলে সমবেত হৈ জেঠমাহৰ শেষৰটো শনিবাৰে বৰনামঘৰৰ প্ৰাংগণত কলপটুৱাৰে বিশেষ আকৃতিৰ দিঙা সজাই পুষ্প সজ্জিত কৰি, তেল-সেন্দুৰ ঘহি,ধুপধূনা,পাণ তামোল,দানদক্ষিণাৰ লগতে এযোৰ পাৰ চৰাই এৰি গাঁওবাসীৰ অপায় অমংগল নাশৰ বাবে ইষ্টদেৱতাক সেৱা জনায় ৷

morigaon
author img

By

Published : Jun 15, 2019, 9:38 PM IST

মৰিগাঁও,15 জুন : কৃষ্টি সংস্কৃতিত চহকী তিৱাসকলৰ কৌটিকলীয়া লোকপৰম্পৰা শনিপূজা । অতি প্ৰাচীন লোকবিশ্বাস বিজড়িত হৈ আছে এই জেঠমহীয়া শনিপূজাৰ সৈতে । মধ্য অসমৰ তিৱাসকলৰ প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰতিবছৰৰ জেঠ মাহৰ শেষৰটো শনিবাৰে উদযাপন কৰা হয় এইভাগ বিশেষ পূজা ।

লোকবিশ্বাস বীজড়িত হৈ আছে এই জেঠমহীয়া শনিপূজা

জনবিশ্বাস মতে জেঠৰ শেষৰ ফালে পানী বাঢ়ে বোৱতী নদ নদীসমূহত । সেয়ে গঞা সকলে সমবেত হৈ জেঠমাহৰ শেষৰটো শনিবাৰে বৰনামঘৰৰ প্ৰাংগণত খলপটুৱাৰে বিশেষ আকৃতিৰ দিঙা সজাই পুষ্প সজ্জিত কৰি, তেল-সেন্দুৰ ঘহি,ধুপধূনা,পাণ তামোল,দানদক্ষিণাৰ লগতে এযোৰ পাৰ চৰাই এৰিদি গাঁওবাসীৰ অপায় অমংগল নাশৰ বাবে ইষ্টদেৱতাক সেৱা জনাই উটুৱাই দিয়ে বোৱতী নদীত । সমান্তৰালভাৱে ভকত-বৈষ্ণৱ সকলে নামকীৰ্তন কৰি নদীৰ পাৰতে পশ্চিম মূৰীয়াকৈ সেৱা কৰি তামোল পাণ আৰু এখন শৰাই নদীৰ পাৰত থৈ হাবি বনৰে ঢাকি থৈ আহে। মাহপ্ৰসাদো নদীৰ পাৰতে গ্ৰহণ কৰি ঘৰাঘৰি হয় ।

উল্লেখযোগ্য যে, গাঁওখনৰ মূলনামঘৰৰ পৰা চাৰিজনে এই দিঙা নদীৰ পাৰলৈ নিওতে গঞাই পদুলি মুখত অৰিহণা আৰু ধূপদ্বীপৰে সেৱা লয় । দিঙা লৈ যোৱা ভকত বৈষ্ণৱ তথা মেধি দেউৰীসকলে আৰ্শীবাদ দি আটাইৰে কুশল মঙ্গল কামনা কৰে । প্ৰাচীনতম এই পৰম্পৰা শনিবাৰে পৰম্পৰাগত ভাৱে সম্পন্ন কৰে মৰিগাঁৱৰ টেঙাগুৰি গাঁৱৰ তিৱাসকলে ।

Intro:ৰাজ্যৰ ভূমিপুত্ৰ সকলৰ অন্যতম জনগোষ্ঠী তিৱাসকল।মধ্য আসমৰ এই তিৱাসকলৰ অন্যতম পৰম্পৰা হৈছে শনিপূজা।কৃষ্টি সংস্কৃতিত অতিকৈ চহকী তিৱাসকলৰ জেঠমহীয়া পালন কৰা শনিপূজাক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন।

Body:কৃষ্টি সংস্কৃতিত চহকী তিৱাসকলৰ কৌটিকলীয়া লোকপৰম্পৰা শনিপূজা। অতিপ্ৰাচীন লোকবিশ্বাস বীজড়িত হৈ আছে এই জেঠমহীয়া শনিপূজাৰ সৈতে। মধ্য অসমৰ তিৱাসকলৰ প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰতিবছৰৰ জেঠ মাহৰ শেষৰটো শনিবাৰে উদযাপন কৰা হয় এইভাগ বিশেষ পূজা পাৰ্বন। জনবিশ্বাস মতে জেঠৰ শেষৰ ফালে পানী বাঢ়ে বোৱতী নদ নদীসমূহত। সেয়ে গঞা সকলে সমবেত হৈ জেঠমাহৰ শেষৰটো শনিবাৰে বৰনামঘৰৰ প্ৰাংগণত খলপটুৱাৰে বিশেষ আকৃতিৰ দিঙা সজাই পুষ্প সজ্জিত কৰি, তেল-সেন্দুৰ ঘহি,ধুপধূনা,পাণ তামোল,দানদক্ষিণাৰ লগতে এযোৰ পাৰ চৰাই এৰিদি গাওবাসীৰ অপায় অমংগল নাশৰ বাবে ইষ্টদেৱতাক সেৱা জনাই উটুৱাই দিৱে বোৱতী নদীত। সমান্তৰালভাৱে ভকতবৈষ্ণৱ সকলৈ নামকীৰ্তন কৰি নদীৰ পাৰতে পশ্চিম মূৰীয়াকৈ সেৱা কৰে তামোল পাণ শৰাই এখন নদী পাৰত থৈ হাবি বনৰে ঢাকি থৈ আহে। মাহপ্ৰসাদো নদীৰ পাৰতে গ্ৰহত কৰি ঘৰাঘৰি হয়। উল্লেখযোগ্য যে গাওখনৰ মূলনামঘৰৰ পৰা চাৰি জননে এই দিঙা নদীৰ পাৰলৈ নিওতে গঞাই পদুলি মুখত অৰিহণা আৰু ধূপদ্বীপৰে সেৱা লয়। দিঙা লৈ যোৱা ভকত বৈষ্ণৱ তথা মেধি দেউৰীসকলে আৰ্শীবাদ দি আটায়ে কুশল মঙল কামনা কৰে। byte:devotee of tiwa society মুঠৰ ওপৰত প্ৰাচীনতম এই পৰম্পৰা শনিবাৰে পৰম্পৰাগত ভাৱে সম্পন্ন কৰে মৰিগাঁৱৰ টেঙাগুৰি গাঁৱৰ তিৱাসকলে। Ratul deka,etc Bharat.morigaon

Conclusion:ratul deka,etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.