ETV Bharat / state

মৰিগাঁৱত তিনি মাহে পানীত ডুৱ গৈ আছে বিদ্যালয়ৰ খেলপথাৰ - খেল পথাৰ

মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰখনত একাঠু পানী জমা হৈ থকাত দীৰ্ঘ দিন ধৰি খেলা-ধূলাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকল ৷ অতি শীঘ্ৰে খেলপথাৰ খন মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷

Three Month school field under water in Morigaon
মৰিগাঁৱত তিনি মাহে পানীত ডুৱ গৈ আছে বিদ্যালয়ৰ খেল পথাৰ !
author img

By

Published : Oct 26, 2020, 9:30 AM IST

মৰিগাঁও, 26 অক্টোবৰঃ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ খন দীৰ্ঘ দিন ধৰি পৰিত্যক্ত অৱস্থাত আছে । বিগত তিনিমাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বিদ্যালয়খনৰ খেলপথাৰ খনত একাঠুলৈকে পানী জমা হৈছে ৷ ফলত খেলা-ধূলাৰ পৰা বঞ্চিত হৈ পৰিছে মৰিগাঁৱৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে স্থানীয় খেলুৱৈ সকল । যি সময়ত অসম চৰকাৰে যুৱক-যুৱতী সকলক বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ শাৰীৰিক আৰু মানসিক শিক্ষা দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিছে, সেইখিনি সময়তে মৰিগাঁৱৰ এইখন বিদ্যালয়ৰ খেলপথাৰৰ এই অৱস্থা সৃষ্টি হোৱাত এতিয়া চকু কঁপালত উঠিছে একাংশ সচেতন ৰাইজৰ । এই ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ আৰু চৰকাৰক খেলপথাৰ খন উপযুক্ত কৰি গঢ়ি তুলিবলৈ আহ্বান জনাইছে একাংশ সচেতন ৰাইজে ৷

Three Month school field under water in Morigaon
মৰিগাঁৱত তিনি মাহে পানীত ডুৱ গৈ আছে বিদ্যালয়ৰ খেল পথাৰ !

লগতে পঢ়ক- চিকিৎসকৰ বিৰুদ্ধে ৰোগী অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.