মৰিগাঁও,13 মে’: মৰিগাঁৱত বৃহস্পতিবাৰে নজনলৈ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা । বুধবাৰে বিয়লি এগৰাকী বৰ্ষীয়ান (75) ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত দুজন আৰু লাহৰীঘাটত আন এজন কৰ’ণা ৰোগীৰ মৃত্যু হয় ।
মৰিগাঁও জিলা ৰোগ নিয়ন্ত্ৰক ডাঃ অৰুণ কুমাৰ নাথে বৃহস্পতিবাৰে সদৰী কৰে এই তথ্য । তেওঁ লগতে কয় যে স্বাস্থ্য বিভাগৰ সকলো নীতি-নিয়ম মানি চলাটো বৰ্তমান সময়ত অত্যন্ত জৰুৰী । সাধাৰণ জ্বৰ হ’লেও অৱজ্ঞা নকৰি চিকিৎসকৰ ওচৰ চাপিবলৈ আহ্বান জনাই চিকিৎসা বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক : মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা