ETV Bharat / state

মৰ্মান্তিক: এটা পুখুৰীৰ পৰা উদ্ধাৰ মাতৃসহ দুই কন্যাৰ মৃতদেহ

author img

By

Published : May 26, 2022, 6:55 PM IST

বানৰ বিভিষীকাৰ মাজতে মৰিগাঁও এজাৰবাৰীৰ কৰাইগুৰিত গাঁৱত অঘটন (Tragedy in Morigaon)৷ দুই এমা-ডিমা কন্যাসন্তানসহ এটা পুখুৰীত মাতৃৰ সলিল সমাধি (Three bodies recovered from a pond in Morigaon) । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

এটা পুখুৰীৰ পৰা উদ্ধাৰ মাতৃসহ দুই কন্যাৰ মৃতদেহ

মৰিগাঁও, 26 মে’ : মৰিগাঁৱত অঘটন ৷ দুই কন্যাসহ মাতৃৰ সলিল সমাধি (Tragedy in Morigaon)। পিছে এয়া আত্মহত্যা নে হত্যা সেই সন্দৰ্ভত লাভ কৰা নাই কোনো তথ্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত এজাৰবাৰীৰ কৰাইগুৰি গাঁৱৰ নিবাসী জীৱন কোঁৱৰৰ পত্নী আৰু দুই কন্যা বিয়লি ভাগৰ পৰাই নিখোজ হৈ আছিল ৷

বহু সময়লৈকে পত্নী আৰু সন্তানক ঘৰত নেদেখি জীৱন কোঁৱৰ আৰু তেওঁৰ আত্মীয়ই বিচাৰ খচাৰ কৰে ৷ নিশা প্ৰায় 9 বজাত ঘৰৰ কিছু নিলগত থকা এটা পুখুৰীৰ পাৰত আত্মীয়ই প্ৰত্যক্ষ কৰে জীৱন কোঁৱৰৰ পত্নী আৰু কন্যা দুটিৰ কাপোৰ ৷ এই কাপোৰৰ আলম লৈয়ে স্থানীয় ৰাইজে প্ৰথমে পুখুৰীটোৰ পানীত বিচাৰ খোচাৰ কৰে ৷

তাৰ পাচতে প্ৰথমে স্থানীয় ৰাইজে উদ্ধাৰ কৰে জীৱন কোঁৱৰৰ জ্যেষ্ঠ জীয়ৰিৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷

ঘটনাস্থলীত ধৰমতুল আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ সেই পুখুৰীটোৰ পৰাই জীৱন কোঁৱৰৰ পত্নী পম্পী কোঁৱৰ মালাং আৰু ডেৰ বছৰীয়া কণিষ্ঠ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Three bodies recovered from a pond in morigaon)। অৱশ্যে বৰ্তমানলৈকে স্পষ্ট হোৱাৰ নাই এই দৰাচলতে এই ঘটনাটো দুৰ্ঘটনা নে আন কিবা পৰিকল্পিত ঘটনা ।

তথ্য অনুসৰি, বৰ্তমান ধৰমতুল আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ তথ্য ৷ সেয়া যিয়ে নহওক, এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এজাৰবাৰী কৰাইগুৰিত শোকৰ ছাঁ পৰিছে।

লগতে পঢ়ক : Minor Girl Raped: ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.