ETV Bharat / state

মৰিগাঁৱৰ চৰকাৰী বিদ্যালয়ত চোৰৰ তাণ্ডৱ - দৈয়াং বেলগুৰি প্ৰাথমিক বিদ্যালয়

দেওবাৰে জাগীৰোডৰ দৈয়াং বেলগুৰি প্ৰাথমিক বিদ্যালয়ত সোমাই বিদ্যালয়খনৰ আচবাব,পাঞ্চিং মেচিনৰ লগতে ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুই বস্তা চাউল লুটি নিয়ে চোৰে । ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Thief in Morigaon School
মৰিগাঁৱৰ চৰকাৰী বিদ্যালয়ত চোৰৰ তাণ্ডৱ
author img

By

Published : Oct 11, 2020, 9:03 PM IST

মৰিগাঁও,11 অক্টোবৰ : মৰিগাঁৱৰ জাগীৰোডত চোৰৰ উপদ্ৰৱ ৷ দেওবাৰে চোৰে লুটি নিয়ে এখন বিদ্যালয়ৰ আচবাবৰ লগতে মধ্যহ্ন ভোজনৰ বাবে অহা দুই বেগ চাউল । ঘটনা অনুসৰি,জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত দৈয়াং বেলগুৰি গাঁৱৰ দৈয়াং বেলগুৰি প্ৰাথমিক বিদ্যালয়ত লকডাউনৰ সুযোগ লৈ বিদ্যালয়খনৰ আচবাব,পাঞ্চিং মেচিনৰ লগতে ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ দুই বস্তা চাউল চোৰে লুটি নিয়ে ।

Thief in Morigaon School
মৰিগাঁৱৰ চৰকাৰী বিদ্যালয়ত চোৰৰ তাণ্ডৱ

উল্লেখ্য যে, এগৰাকী স্থানীয় মহিলাই প্ৰধান শিক্ষয়িত্ৰীক খবৰ দিয়াৰ পাচতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে গাঁওবুঢ়া আৰু জাগীৰোড আৰক্ষীক খবৰ দিয়ে । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ শীঘ্ৰেই চোৰক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: গ্ৰামাঞ্চলত চিকিৎসা সেৱাৰ বাবে যাব নে চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.