ETV Bharat / state

অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

author img

By

Published : Nov 9, 2020, 7:31 AM IST

মৰিগাঁৱত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ জোঙাল বলহুৰ মূৰ্তি উন্মোচন কৰাৰ উদ্দেশ্যে উপস্থিত মন্ত্ৰী গৰাকী ৷

The statue of Jongalbalhu Inaugurate In Morigaon
অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

মৰিগাঁও, 9 নৱেম্বৰ : অৱশেষত উন্মোচন কৰা হ'ল 2010-11 বিত্তীয় বৰ্ষৰ পৰা বিৰ্তকৰ আওতাত থকা জোঙাল বলহুৰ আবক্ষ মূৰ্তি ৷ তিৱা জনগোষ্ঠীৰ কিংবদন্তী পুৰুষ,শৌৰ্য বীৰ্যৰ প্ৰতীক জোঙালবলহুৰ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মূৰ্তি উন্মোচন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে উক্ত স্থানক পৰ্যটন কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰদান ৷

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,পীয়ুষ হাজৰিকা, বিধায়ক ডিম্বেশ্বৰ দাস আৰু তিৱা স্বায়ত্ব পৰিষদৰ বহুকেইজন শীৰ্ষ নেতা আৰু তিৱা সাহিত্য সভাৰ বিষয়ববীয়াৰ উপস্থিতিত উন্মোচন কৰা হয় জোঙাল বলহুৰ মূৰ্তি ।

উল্লেখ্য যে,মূৰ্তি স্থাপনৰ বাবে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ কাৰ্যকালত আবন্টিত হৈছিল 32 লাখকৈ চৰকাৰী পুঁজি কিন্তু সেই টকাৰে মূৰ্তিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে পুনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 50 লাখ টকাৰ পুঁজি আবন্টিত কৰাৰ বাবে এক বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত চিকিৎসালয়, বিশ্ববিদ্যালয় স্থাপন কৰিব আজমলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.