মৰিগাঁও, 10 ডিচেম্বৰ : আজি অৰ্থাৎ শুকুৰবাৰে মৰিগাঁও স্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়(Swahid Divas observed in Morigaon) ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Morigaon Swahid Divas) ছবছৰীয়া অসম আন্দোলনৰ শ্বহীদ সকলক সুৱৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও মহাবিদ্যালয়ৰ নৱনিৰ্মিত বিজ্ঞান ভৱনটো শুভ উদ্বোধন কৰে ৷ লগতে উপস্থিত থকা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য আগবঢ়াই নিচাজাতীয় সামগ্ৰীৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি এই অনুষ্ঠানতে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বলি দিয়া মৰিগাঁও জিলাৰ 123 গৰাকী শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সৈতে চিনাকী হৈ আনুষ্ঠানিকভাৱে শ্বহীদ পৰিয়ালক সম্বৰ্দ্ধনা জনাই মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM falicited Swahid family in Morigaon) ৷
মৰিগাঁৱৰ এই কাৰ্যসূচীত ৰাজ্যিক বিজেপি শীৰ্ষ নেতা-কৰ্মী,মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika at Morigaon), মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী, জিলা বিজেপিৰ সভাপতিৰ প্ৰবীণ মেধি, জিলা বিজেপ যুৱ মৰ্চাৰ সভাপতি, সম্পাদক ক্ৰমে পলাশ মণি মেধি আৰু দীগেন হীৰা প্ৰমুখ্যে বহুকেইজন বিজেপিৰ নেতা উপস্থিত থাকে ৷ লগতে মৰিগাঁৱত পালন কৰা এই শ্বহীদ দিৱস কাৰ্যসূচীৰ আঁত ধৰে ৰাজ্যিক যুৱ মৰ্চাৰ বিষয় ববীয়াই ৷
লগতে পঢ়ক : শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ