মৰিগাঁও, 13 ডিচেম্বৰ : মৰিগাঁও জিলা নাথ যোগী সাহিত্য-সংস্কৃতি সন্মিলনৰ উদ্যোগত চৰাইবাহীৰ সংস্কৃতি প্ৰকল্পত অনুষ্ঠিত হোৱা নাথ যোগী জাতীয় অভিৱৰ্তনৰ দেওবাৰে সফল সামৰণি পৰে । চৰাইবাহী সাংস্কৃতিক প্ৰকল্পত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই জাতীয় অভিৱৰ্তনৰ মুকলি সভাত বিশিষ্ট লেখক গৱেষক অৰুণ বৰাই উদ্ধোধন কৰে ।
নাথ যোগী সাহিত্য-সংস্কৃতি তথা ইতিবৃত্তৰ বিষয়ে আলোচনা আগবঢ়ায় ক্ৰমে, নাথ যোগী সন্মিলনৰ প্ৰাক্তন সভাপতি ধীৰেণ নাথ, প্ৰশান্ত নাথ আৰু নাথ যোগীয় গুৰু দুৰ্গেশ্বৰ মহন্ত নাথে । নাথ যোগীৰ 100 জন বিশিষ্ট লোকৰ জীৱনী সন্নিবিষ্ট থকা 'জীৱনী মালা' উন্মোচন কৰে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে ।
সভাত উপস্থিত থাকে নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেনুধৰ নাথকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি । আনহাতে, ডঃ কমল নাথে আদৰণি ভাষণ ৰখা মুকলি সভাখনত সভাপতিত্ব কৰে লক্ষ্য জ্যোতি নাথে । ইফালে, সভাখনৰ আঁত ধৰে মৰিগাঁও সাংবাদিক সন্থাৰ সম্পাদক জিতু কুমাৰ নাথে ।
লগতে পঢ়ক : মথনগুৰীত বিজেপি প্ৰাৰ্থী গৌতম দাসৰ জয়লাভ