ETV Bharat / state

বিধায়ক আমিনুল ইছলামক ক’লা পতাকা প্ৰদৰ্শন

author img

By

Published : Oct 10, 2020, 10:02 PM IST

মৰিগাঁৱত ক’লা পতাকাৰ সন্মুখীন হ’ল বিধায়ক আমিনুল ইছলাম । অসমীয়া ভাষাক অপমান কৰা আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰি সমষ্টিৰ উন্নয়নত পিঠি দিয়াৰ প্ৰতিবাদত মুছলিম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত মৈৰাবাৰীত ।

student union showed black flag to MLA Aminul Islam

মৰিগাঁও, 10 অক্টোবৰ : শনিবাৰে মৰিগাঁৱৰ মৈৰাবাৰীত উত্তপ্ত পৰিস্থিতি । বিয়লি ভাগত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এক সংবাদ মেল সম্বোধন কৰি ৰাজনৈতিক বাকযুদ্ধ কৰাৰ পিচতে প্ৰতিবাদৰ সন্মুখীন । মন কৰিবলগীয়া যে, মৈৰাবাৰীত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক ক’লা পতাকা প্ৰদৰ্শন কৰে মুছলিম ছাত্র সন্থাই ।

student union showed black flag to MLA Aminul Islam
বিধায়ক আমিনুল ইছলামক ক’লা পতাকা প্ৰদৰ্শন

ক'লা পতাকা জোকাৰি বিধায়ক জনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদী মুছলিম ছাত্ৰ সন্থাৰ অভিযোগ মতে, এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ উন্নয়নত পিঠি দি সাম্প্ৰদায়িক ৰাজনীতিৰে নিজৰ গাদী ৰক্ষা কৰাত হে ব্যস্ত হৈ আছে ৷

আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ

লগতে পঢ়ক : ৰাইজৰ তৎপৰতাত কৰায়ত্ত এটিএম হেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.