ETV Bharat / state

Moirabari college election: মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণ ভাৱে সম্পন্ন (Mairabari College of Morigaon)। উক্ত নিৰ্বাচনত মতিবুৰ ৰহমানে ৮৩৬ ভোট লাভ কৰি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ।

Moirabari college election
মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন
author img

By

Published : Nov 12, 2022, 9:49 PM IST

ধিং, ১২ নৱেম্বৰ: মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শণিবাৰে সম্পন্ন হয় (Student union election of Moirabari college)। মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ ২০২২-২০২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ এই নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায় (Mairabari College of Morigaon)। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া ১২ বজাতে শেষ হয় ।

উক্ত নিৰ্বাচনত ৰাকিবুৰ ৰহমানে ৫২১টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় । আনহাতে, মতিবুৰ ৰহমানে ৮৩৬ ভোট লাভ কৰি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় । ৭২২ টা ভোট লাভ কৰি সাংস্কৃতিক সম্পাদক হিচাপে ৰশ্বিদুল ইছলামে জয়লাভ কৰে ।

মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

উল্লেখযোগ্য যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৯টা পদৰ ভিতৰত ছটা পদত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । এই নিৰ্বাচনত সভাপতি ,সম্পাদক আৰু সাংস্কৃতিক সম্পাদক পদত আঠগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । নিৰ্বাচনত ৰিটাৰ্ণিং বিষয়া হিচাপে আছিল মহাবিদ্যালয়খনৰ অধ্যাপক আজাদ ছেলিম ।

লগতে পঢ়ক:Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.