ETV Bharat / state

Student missing :মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ ছাত্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:37 PM IST

মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা পাৰ্থ নাথ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰ নিখোঁজ । বন্ধু -বান্ধৱ আৰু আত্মীয়ৰ ঘৰত বিচাৰ-খোচাৰ কৰিছে যদিও লাভ কৰা নাই কোনো সম্ভেদ ।

Student missing
নৱম শ্ৰেণীৰ ছাত্ৰ নিখোজ
নৱম শ্ৰেণীৰ ছাত্ৰ নিখোজ

মৰিগাঁও, ৬ ছেপ্টেম্বৰ:মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হৈছে নৱম শ্ৰেণীৰ এজন ছাত্ৰ । মৰিগাঁও হাবীবৰঙাবাৰী নিবাসী তথা মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ সমীপত ভাড়াতীয়া হিচাপে থকা ক্ষুদ্ৰ ব্যৱসায়ী অমূল্য নাথ আৰু মামণি দেৱীৰ পুত্ৰ পাৰ্থ নাথ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্র মৰিগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে পৰিয়ালৰ লোকে মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:Kakopathar Accident : কাকপথাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত আহত সকলৰ চিকিৎসা চলিছে AMCH ত

ইপিলে,পৰিয়াল ,বন্ধুবৰ্গৰ ঘৰত খবৰ কৰিছে যদিও এতিয়ালৈকে ছাত্ৰজনৰ কোনো শুংসূত্র উলিয়াব পৰা নাই । ছাত্ৰজনৰ কোনো লোকে সম্ভেদ পালে পৰিয়ালৰ লোকে 9678199902 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।মৰিগাঁও হাবীবৰঙাবাৰী নিবাসী তথা মৰিগাঁও চহৰৰ স্কুল খেলপথাৰৰ সমীপত ভাড়াতীয়া হিচাপে থকা ক্ষুদ্ৰ ব্যৱসায়ী অমূল্য নাথে সংবাদ মাধ্যমক সদৰী কৰা মতে, মঙলবাৰে মৰিগাঁও চহৰলৈ মাতৃ মামণি দেৱীৰ সৈতে বজাৰ কৰিবলৈ আহিছিল । মাতৃক ঘৰলৈ যাবলৈ কৈ অলপ পলমকৈ যাব বুলি কোৱাত মাতৃয়ে বিশেষ গুৰুত্ব দিয়া নাছিল ।

লগতে পঢ়ক:One Nation One Poll: বিজেপিৰ ভাৰত, এক দেশ, এক নিৰ্বাচনৰ প্ৰস্তাৱত সাংবিধানিক সংশোধনৰ প্ৰয়োজন, ৰাজ্যসভাত অৱৰোধৰ সন্মুখীন হ’ব; কংগ্ৰেছ

মাতৃক ঘৰলৈ যাবলৈ দিয়াৰ পিচতে নিৰুদ্দেশ হয় । পাৰ্থ নাথ কিছু পলমকৈ ঘৰলৈ যোৱাৰ কথা আছিল যদিও নিশা ন বজালৈ ঘৰলৈ ওভতি নোযোৱাত পৰিয়ালৰ লোক চিন্তিত হয় । নিশাৰ লগে লগে পিতৃ- মাতৃ তথা পৰিয়ালৰ মাজত হাহাকাৰ লগাত ইফালে সিফালে বিচাৰ-খোচাৰ কৰি কোনো খবৰ লাভ নকৰাত মৰিগাঁও সদৰ আৰক্ষী থানত দাখিল কৰে এজাহাৰ । ৰাইজেও এই ক্ষেত্ৰত আৰক্ষীৰ সহায় বিচাৰিছে । উল্লেখ্য় যে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা ইয়াৰ পূৰ্বেও নিৰুদ্দেশ হৈছিল ।

লগতে পঢ়ক:APDCL employee electrocuted: শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হেজেলবেংক বিদ্যুৎ উপ-কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.