ETV Bharat / state

জাগীৰোড কাগজ কল পুনৰুজ্জীত কৰাৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ - জাগীৰোড কাগজ কল

জাগীৰোডৰ মৃতপ্ৰায় কাগজ কলটো পুনৰুজ্জীত কৰি তোলাৰ দাবীৰে শনিবাৰে মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাৰ সদস্য সকলৰ লগতে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকলে ৷

মৰিগাঁৱত প্ৰতিবাদ
মৰিগাঁৱত প্ৰতিবাদ
author img

By

Published : Sep 12, 2020, 4:57 PM IST

মৰিগাঁও, 12 ছেপ্তেম্বৰ: শনিবাৰে মৰিগাঁৱত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকলে দহ ঘণ্টাজোৰা এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জাগীৰোডৰ কাগজ কল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত এই পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷ লোহাৰ টিন বিক্ৰী কৰাৰ দৰে এতিয়া চৰকাৰে জাগীৰোড কাগজ কলো বিক্ৰী কৰিবলৈ প্ৰস্তুত হৈছে আৰু এনে হোৱাটো তেওঁলোকে কেতিয়াও মনে মনে বহি চাই নথাকে বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ জাগীৰোড কাগজ কলত বাহিৰৰ লোকে প্ৰৱেশ কৰাৰ পূৰ্বে চৰকাৰে ছাত্ৰ সন্থাৰ সদস্য সকলক প্ৰথমে গুলীয়াই মাৰিব লাগিব ৷ নিজৰ বুকু পাতি দি হ'লেও তেওঁলোকে জাগীৰোড কাগজ কল ৰক্ষা কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷

জাগীৰোড কাগজ কল পুনৰুজ্জীত কৰাৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলৰ দাবী, চৰকাৰে হয়তো জাগীৰোড কাগজ কল পুনৰুজ্জীৱিত কৰি তোলক, নাইবা তেওঁলোকক মাৰি পেলাওক ৷ ইয়াৰ বাহিৰে তেওঁলোকৰ আন কোনো গত্যন্তৰ নাই ৷ কিয়নো ইতিমধ্যেই কাগজ কলত কাম কৰি থকা বহু লোকে চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ৷ বহু ছাত্ৰ-ছাত্ৰীয়ে অৰ্থৰ অভাৱত আধাতে সামৰিবলগীয়া হৈছে তেওঁলোকৰ শিক্ষা জীৱন ৷ ৰাজ্য চৰকাৰে কেৱল কেন্দ্ৰীয় চৰকাৰৰ বহতীয়া হৈ কাম কৰিব জানিলে বুলিও অভিযোগ উত্থাপন কৰে তেওঁলোকে ৷ উদ্যোগনীতিৰ কথা কোৱা চৰকাৰে খনে কাগজ কলটো জীয়াই তুলি দেখাওক অন্যথা ৰাজপথ ৰক্তাক্ত হ'লেও জাগীৰোডৰ কাগজ কলটো বন্ধ হ'বলৈ দিয়া নহ'ব বুলি সকীয়নি প্ৰদান কৰে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে ৷

জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকলে দহ ঘণ্টাজোৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰে

লগতে পঢ়ক: লখিমপুৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.