মৰিগাঁও, 25 জুনঃ মঙলবাৰে মৰিগাঁৱৰ সীমান্ত আৰক্ষীয়ে কৰায়ত্ব কৰে দুই বাংলাদেশী নাগৰিকক ৷ খাটৰবড়ী থানাগড়াৰ পৰা আটক কৰে আব্দুল জলিল আৰু জেৰিনা খাতুন নামৰ বাংলাদেশী পিতৃ কন্যাক ৷ মৰিগাঁৱৰ তিনি নং বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল দুয়োকে ৷ পিছে ৰহস্যজনকভাৱে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধীকৰণৰ এই ঘোষণাৰ বিষয়ে অবগত নহয় আব্দুল জলিল ।
গোচৰ চলি থকাৰ পিছত অধিবক্তাই যাবলৈ দিয়া নাছিল আব্দুল জলিলক আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মৰিগাঁও সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই পিতৃ কন্যাক ।