মৰিগাঁও, 14 জুনঃ মৰিগাঁৱত প্ৰধান শিক্ষকৰ বিৰুদ্ধে স্বয়ং জিলা উপায়ুক্ত। শুকুৰবাৰে মৰিগাঁও জিলা মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ কটহগুৰি প্ৰাথমিক বিদ্যালয়ত হঠাতে উপস্থিত হয় জিলা উপায়ুক্ত ঋতুৰাজ বৰা । কাৰণ নিজ মই মতালিৰে 12:30 বজাত বিদ্যালয় বন্ধ কৰাৰ অভিযোগ উঠিছে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওপৰত । অভিযোগ অনুসৰি কটহগুৰি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে 12: 30 বজাত ছাত্ৰ ছাত্ৰীক ঘৰলৈ যাবলৈ দি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি কৰি আহিছে ।
এইখবৰ লাভ কৰিয়ে দুজন দণ্ডাধীশ বিষয়াসহ বিদ্যালয়ত উপস্থিত হয় উপায়ুক্ত গৰাকী৷ সকলো প্ৰত্যক্ষ কৰি উপায়ুক্ত গৰাকীয়ে প্ৰধান শিক্ষক গৰাকীৰ ক্ষেত্ৰত যাবতীয় ব্যবস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ তিলক শইকীয়াক । লগে লগে জিলা শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়খনত উপস্থিত হৈ গ্ৰহণ কৰে যাবতীয় ব্যবস্থা। আনহাতে তথাকথিত প্ৰধান শিক্ষক খৰ্গেশ্বৰ ভূঞাই সময় মতে বিদ্যালয়লৈ আহে আৰু পাঠদান কৰে৷