ETV Bharat / state

Morigaon Ex MLA passes away: মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা মৰিগাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান ৷ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় প্ৰাক্তন বিধায়িকাগৰাকীৰ ৷

author img

By

Published : May 30, 2023, 12:38 PM IST

Updated : May 30, 2023, 1:10 PM IST

Morigaon Ex MLA passes away
Morigaon Ex MLA passes away

মৰিগাঁও, 30 মে’: মৰিগাঁও সমষ্টি প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান ৷ বিগত কিছুদিনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়িকাগৰাকী ৷ GMCHত চিকিৎসাধীন অৱস্থাতে আজি অৰ্থাৎ মঙলবাৰে পুৱা প্ৰায় 6 বজাত শেষ নিশ্বাস ত্য়াগ কৰে জোনজোনালী বৰুৱাই (Jonjonali Baruah passes away) ৷

উল্লেখ্য যে মৰিগাওঁ জিলা কংগ্ৰেছ কমিটীৰ সুদীৰ্ঘ সময় নেতৃত্ব বহন কৰাৰ উপৰিও মৰিগাওঁ সমষ্টিৰ পৰা তিনিটা কাৰ্যকালৰ বাবে বিধায়িকা হিচাবে নিৰ্বাচিত হৈছিল জোনজোনালী বৰুৱা (Morigaon Ex MLA died) ৷

কৰ্মময় জীৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভানেত্রী আৰু মৰিগাওঁ জিলা ক্ৰীড়া সন্থাৰ সভানেত্রীৰ দৰে গুৰু দায়িত্বও পালন কৰিছিল জোনজোনালী বৰুৱাই । জ্যেষ্ঠ নেত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক: Fake gold racket in Assam: ডেৰ শতাধিক নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ; শীৰ্ষত লখিমপুৰ জিলা

Last Updated : May 30, 2023, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.