ETV Bharat / state

মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক ডকাইত

author img

By

Published : Aug 14, 2020, 8:14 AM IST

মৰিগাঁও জিলাৰ জাগীৰোড চহৰৰ এখন আ-অলংকাৰৰ বিপণীত ডকাইতি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে ডকাইত ৷ ডকাইতটো মহানগৰীৰ ৰাজেশ মণ্ডল বুলি চিনাক্ত কৰা হৈছে ৷

Morigaon docait accused
মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক এজন ডকাইত

মৰিগাঁও,14আগষ্ট: মৰিগাঁও জিলাত মাৰণাস্ত্ৰ সহ আটক ডকাইত ৷ দুৰ্ধ ধৰ্ষ ডকাইতটো মহানগৰীৰ নুনমাটিৰ কেন্দুগুৰিৰ ৰাজেশ মণ্ডল বুলি চিনাক্ত কৰা হৈছে ৷ আ-অলংকাৰৰ বিপণীত ডকাইতি কৰিবলৈ অহাৰ সময়তে আটক কৰা হয় ডকাইতটোক ৷

মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক এজন ডকাইত

অন্য এক খবৰৰ বাবে: বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা মৰিগাঁও জিলাৰ জাগীৰোড চহৰৰ এখন আ-অলংকাৰৰ বিপণীত ডকাইতি কৰাৰ লক্ষ্যৰে দুখন বাহনত আহিছিল পাচজনীয়া এটা ডকাইতৰ দল । এই ঘটনাৰ উমান পাই নিশা মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত এটা দল সেই স্থানত উপস্থিত হৈছিল ৷ ডকাইতৰ দলটোৱে বিপণীখনত লুটপাত চলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ডকাইতি কাণ্ডৰ মূল খলনায়ক ৰাজেশ মণ্ডল । ধৃত ডকাইতটোৰ পৰা এটা ইটালীত নিৰ্মিত 9 এম এম পিষ্টল আৰু মেগজিন, দুই জাঁই সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে ৷ ইফালে, ঘটনাৰ লগত জড়িত আন দুজন ডকাইতে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় ।

Morigaon docait accused
মৰিগাঁৱত মাৰণাস্ত্ৰ সহ আটক এজন ডকাইত

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিগাঁও জিলাত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.