ETV Bharat / state

মৰিগাঁৱত ৰিক্সা চালকসকলৰ প্ৰতিবাদ

author img

By

Published : Nov 10, 2020, 7:15 AM IST

দীৰ্ঘকাল ধৰি ই ৰিক্সা চালকৰ সৈতে মৰিগাঁও জিলা ৰিক্সা চালক সন্থাৰ সীমাক লৈ অব্যাহত আছে সংঘাত । মৰিগাঁও চহৰৰ এক সুনিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত ই ৰিক্সা চালকক ই ৰিক্সা চলিবলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও সম্প্ৰতি জিলা প্ৰশাসনে ইয়াক কাৰ্যকৰী নকৰাৰ ফলত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰিগাঁৱত ৰিক্সা চালকসকলৰ প্ৰতিবাদ
মৰিগাঁৱত ৰিক্সা চালকসকলৰ প্ৰতিবাদ

মৰিগাঁও,10 নৱেম্বৰঃ সোমবাৰে মৰিগাঁৱত ৰিক্সা চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল হ'ল মৰিগাঁও বিহুতলী। দীৰ্ঘকাল ধৰি ই ৰিক্সা চালকৰ সৈতে মৰিগাঁও জিলা ৰিক্সা চালক সন্থাৰ সীমাক লৈ অব্যাহত আছে সংঘাত । এই সংঘাত দূৰীকৰণৰ বাবে জিলা ৰিক্সা চালক সন্থাই 2019 চনতে দিয়া এক স্মাৰক পত্ৰৰ ভিত্তিত তদানীন্তন জিলা উপায়ুক্ত হেমেন দাসে ৰিক্সা চালক সন্থাক মৰিগাঁও চহৰৰ এক সুনিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত ই ৰিক্সা চালকক ই ৰিক্সা চলিবলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও সম্প্ৰতি জিলা প্ৰশাসনে ইয়াক কাৰ্যকৰী নকৰাৰ ফলত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় মৰিগাঁৱৰ ৰিক্সা চালক সন্থাই ।
মৰিগাঁও বিহুতলীত জিলা ৰিক্সা চালক সমিতিৰ প্ৰতিবাদী সকলে হাতে হাতে ৰঙা ফ্লেগ লৈ বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি মৰিগাঁও জিলা প্ৰশাসনৰ স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকৰ দাবী শীঘ্ৰে মানি নল'লে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে অনাগত দিনত ৷

লগতে চাওকঃ হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.