ETV Bharat / state

Excise superintendent caught taking bribe: ঘোচখোৰ বৰষা বাইদেউৰ গুৱাহাটীৰ লগতে ডিব্ৰুগড়ৰ বাসগৃহও ছীল কৰিলে প্ৰশাসনে - Residence of bribe taker Barsha Borah Bordoloi

সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা ধন লৈ ৰঙাঘৰৰ আলহী হ'ল মৰিগাঁৱৰ আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈ(CM vigilance arrested Morigaon excise superintendent)৷ ইয়াৰ পিছতে বৰষাৰ গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড় চহৰস্থিত বৈৰাগীমঠৰ বাসগৃহটো ছীল কৰিলে জিলা প্ৰশাসনে ৷

Residence sealed of Barsha Bardoloi in Dibrugarh
উৎকোচ লৈ আটক হোৱা বৰষা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল প্ৰশাসনৰ
author img

By

Published : Jul 30, 2022, 9:42 AM IST

Updated : Jul 30, 2022, 11:25 AM IST

মৰিগাঁও, 30 জুলাই: ঘোচখোৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত আছে (Vigilance and Anti Corruption) ৷ ইয়াৰ মাজতে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈক(CM vigilance arrested Morigaon excise superintendent) ।

সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ২০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অৱস্থাতে হাতে-লোটে ধৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰী দুৰ্নীতিৰ নিবাৰক শাখাই । লগে লগে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বৰষা বৰা বৰদলৈক (Barsha Borah Bardoloi arrseted in Morigaon) ।

উৎকোচ লৈ আটক হোৱা বৰষা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল প্ৰশাসনৰ

শুকুৰবাৰে বিয়লি ঘোচখোৰ আৱকাৰী অধীক্ষক বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহত দুৰ্নীতি নিবাৰক আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযান চলায় ৷ ইয়াৰ পিছতে বৰষাৰ ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ বাসগৃহতো ছীল কৰে জিলা প্ৰশাসনে (Residence sealed of Barsha Borah Bardoloi in Dibrugarh) ৷ ইয়াৰ সমান্তৰালকে মহানগৰৰ বেলতলাৰ ছাৰ্ভেত থকা অমৰ এনক্লেভত অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই ৷

জানিব পৰা মতে, জাগীৰোডৰ চিন্ময় তামুলী নামৰ এজন ব্যৱসায়ীৰ পৰা প্ৰথমে ১ লাখ টকা উৎকোচ দাবী কৰি আবকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈয়ে ইয়াৰে ২০ হাজাৰ টকা লৈ থকাৰ অৱস্থাতে পূৰ্বৰ পৰিকল্পনা অনুসৰি কাৰ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিবাৰক শাখাৰ বিষয়াই হাতে লোটে ধৰা পেলাই আবকাৰী অধীক্ষকগৰাকীক । লগে লগে উপযুক্ত প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে বৰষা বৰা বৰদলৈক ।

একে সময়তে ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ ডিলিং এচিছটেন্ট নৱজ্যোতি শৰ্মাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক শাখাই ৷ অভিযান কালত খোৱাঙত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে খণ্ড প্ৰাথমিক বিষয়াজন । দুৰ্নীতি নিবাৰক শাখা আৰু তদাৰকী শাখা(Vigilance and Anti Corruption)ৰ এটা দলে শুকুৰবাৰে খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাইছিল নৱজ্যোতি শৰ্মা নামৰ বিষয়াজনক ।

লগতে পঢ়ক: Vigilance Raid: উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ মৰিগাঁৱৰ আৱকাৰী অধীক্ষক

Last Updated : Jul 30, 2022, 11:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.