ETV Bharat / state

মৰিগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

author img

By

Published : Apr 3, 2021, 3:17 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ উদ্যোগত সংবাদকৰ্মীয়ে মন্ত্ৰী পীযুষ হাজৰিকাৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলাখনৰ সাংবাদিকসকলে ।

মৰিগাঁৱত সাংবাদিকৰ প্ৰতিবাদ
মৰিগাঁৱত সাংবাদিকৰ প্ৰতিবাদ

মৰিগাঁও,৩ এপ্ৰিল: সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই টেলিফোনত দিয়া ভাবুকিক লৈ সমগ্ৰ অসমতে চৰ্চা অব্যাহত আছে । নজৰুল ইছলাম আৰু তুলসী মান্তা নামৰ দুটা ব্যক্তিগত চেনেলৰ সাংবাদিকক মন্ত্ৰীগৰাকীয়ে দিয়া আক্ৰমণাত্মক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ আব্যাহত থকা দেখা গৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সাংবাদিক সকলে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী তুলিছে ।

মৰিগাঁও জিলা মিডিয়া ক্লাৱৰ উদ্যোগতো একাংশ সংবাদকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । সকলো সাংবাদিকে ক'লা বেজ পৰিধান কৰি জিলা মিডিয়া ক্লাৱৰ পৰা চহৰৰ মাজমজিয়ালৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে । ইফালে সাংবাদিকৰ বিৰুদ্ধে এগৰাকী মন্ত্ৰীৰ আচৰণকলৈ প্ৰশ্ন তুলি অতি শীঘ্ৰে মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী তোলে সাংবাদিকসকলে ।

লগতে পঢ়ক:পীযুষ হাজৰিকাৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.