মৰিগাঁও,26নৱেম্বৰঃ আগন্তুক ৰাস পূৰ্ণিমাৰ উপলক্ষে মৰিগাঁৱৰ বিভিন্ন অঞ্চলত অব্যাহত আছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা। মৰিগাঁৱৰ মাছখোৱা কাঁহিবাৰী ৰাস মন্দিৰৰ বাকৰিতো চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি ।
ৰাস পূৰ্ণিমাৰ দিন ওচৰ চাপি অহাৰ লগে লগে উদযাপন সমিতিৰ উদ্যোগত গায়ন বায়ন সহিতে গোপ গোপীনী সকলে আখৰা সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে।
লগতে পঢ়কঃ ৮৬ বছৰ গৰকা তৰণী ৰাস মহোৎসৱ এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনৰ সিদ্ধান্ত