ধিং, 12 আগষ্ট: ধিং বিধানসভা সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত স্বাধীনতা সংগ্ৰামৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে (75th Years of Independence) "স্বাধীনতাৰ গৌৰৱময় যাত্ৰা" আয়োজন কৰা হয় । মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ৰ পৰা এই যাত্ৰা শুভাৰম্ভ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে ।
স্বাধীনতা গৌৰৱময় যাত্ৰাৰ লগতে এক শান্তিময় পদযাত্ৰাৰো আয়োজন কৰা হয় । কংগ্ৰেছ দলৰ এই কাৰ্যসূচীত ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চামিম হাচান, শ্বহীদ পৰিয়ালৰ সদস্য, মহিলা কংগ্ৰেছ, সেৱা দল, সংখ্যালঘু বিভাগ, ইয়ং ব্ৰিগেড ,আৰু NSUIৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰাৰ লগতে ধিং সমষ্টিৰ শ শ কংগ্ৰেছ কৰ্মী সকলেও অংশগ্ৰহণ কৰে (Rally at Dhing on the occasion of Azadi ka Amrit Mahotsav) ।
কংগ্ৰেছৰ এই আজাদী কা গৌৰৱময় বিশাল যাত্ৰা (Azadi ka Amrit Mahotsav) শুভাৰম্ভ কৰা আনোৱাৰ হুছেইনে কয় আমাৰ এই গৌৰৱময় যাত্ৰা ধিং সমষ্টিৰ প্ৰত্যেকখন পঞ্চায়ততে দুৰন্ত গতিত চলিব । লগতে তেওঁ ব্ৰিটিছ শাসনৰ পৰা আমাৰ দেশ মুক্ত হোৱাৰ পিছত বিজেপি শাসনকালত দেশৰ নাগৰিক সকল বিজেপিৰ ব্যাক্তিগতকৰণৰ পৰা মুক্ত হ’ব পৰা নাই বুলি মন্তব্য কৰে ৷
সেয়ে ভাৰত গঢ়াৰ লক্ষ্যৰে আৰু দেশৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কংগ্ৰেছ দলে আজাদী কা গৌৰৱময় যাত্ৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰে আনোৱাৰ হুছেইনে (Rally aims to create awareness) ৷
লগতে পঢ়ক: Azadi Ka Amrit Mahotsav: ইতিহাসৰ পাতত লুকাই থকা ভাৰত মাতা মন্দিৰৰ গাঁথাৰে...