নিউজ ডেস্ক, 18 নৱেম্বৰ: ‘‘শৰত কালৰ ৰাত্ৰি অতি বিতোপন । ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন’’ ৷ আজি ৰাস পূৰ্ণিমা ৷ শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৰাস মহোৎসৱ ৷ শৰতৰ পূৰ্ণিমাৰ নিশা বতোপন হৈ পৰে ৰাজ্যৰ চৌপাশ ৷
কেৱল শ্ৰীকৃষ্ণৰ বন্দনাৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ প্ৰায় দুবছৰীয়া বিৰতিৰ মূৰত অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱক লৈ উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৷ উজনিৰ পৰা নামনিলৈ ৰাসৰ লগত সংগতি ৰাখি সকলো কাৰ্যসূচীতে পালন কৰা হৈছে ক’ভিড প্ৰট’কল ৷
উদুলি-মুদুলি মাজুলীৰ পৰিৱেশ ৷ বিগত প্ৰায় এমাহযোৰা প্ৰস্তুতিৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ ৷ ৰাস চাবলৈ বুলি মাজুলীলৈ ৰাওনা হৈছে বহু দেশী-বিদেশী ৰাসপ্ৰেমী ৰাইজ ৷
চৰকাৰী নিৰ্দেশনা অনুসৰি, মাজুলীৰ প্ৰতিখন ৰাস সমিতিয়ে ৰাস অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগতে ল’ব লাগিব জিলা প্ৰশাসনৰ অনুমতি ৷ ৰাজ্য চৰকাৰৰ ৰাসকেন্দ্ৰিক এছ অ’ পি (SOP) অনুসৰি 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰ উৰ্ধৰ কোনো লোকেই ৰাস মহোৎসৱত উপস্থিত থাকিব নোৱাৰিব ৷ সেই অনুসৰিয়েই ৰাস মহোৎসৱ আৰম্ভ হোৱাৰ 48 ঘণ্টা পূৰ্বে ৰাস কমিটিৰ সকলো সদস্য আৰু স্বেচ্ছাসেৱকক কৰোৱা হৈছে ক’ভিড পৰীক্ষা ৷ আনকি চৰকাৰী নিৰ্দেশ মানি মাজুলীৰ প্ৰতিটো ঘাটতে মাজুলীলৈ আহা প্ৰত্যেক ব্যক্তিৰে কৰা হৈছে ক’ভিড পৰীক্ষা ৷
লগতে পঢ়ক : Rass Festival : নিমাওমাও নলবাৰী হৰি মন্দিৰৰ বাকৰি
ইফালে মৰিগাঁৱৰ পশ্চিম লঠাবড়ী ৰাস মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ(Raas Mahotsav) ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি আয়োজন কৰা হৈছে ৰাসোৎসৱ ৷ পশ্চিম লঠাবড়ী ৰাস মন্দিৰৰ প্ৰথম নিশাৰ ৰাসলীলাত অংশ লোৱা শতাধিক গোপিনীক এইবেলি দেখা গ’ল আন এক ব্যতিক্ৰমী ৰূপত ৷
মুখত মাস্ক, হাতত ক’ভিড সম্বন্ধীয় গোহাৰি পত্ৰ লৈ গোপানিসকলে ৰাস পৰিৱেশন কৰা দেখিবলৈ পোৱা গ’ল এই বিশেষ ৰাসথলীত ৷ আনকি এই ৰাসত দহ বছৰৰ উৰ্ধৰ গোপিনিসকলেহে অংশগ্ৰহণ কৰা পৰিস্ফুত হ’ল ৷ আনকি প্ৰত্যেকগৰাকীয়ে মানি চলিলে ক’ভিড সম্বন্ধীয় সকলো নীতি-নিয়ম ৷
আনহাতে, ৰাস বুলি ক’লেই উথপ-থপ হৈ পৰে নলবাৰী হৰি মন্দিৰৰ বাকৰি ৷ লোকে লোকাৰণ্য হৈ পৰে নলবাৰী হৰি মন্দিৰৰ চৌদিশ ৷ কিন্তু এইবেলি বিপৰীত ছবি প্ৰতিফলিত হ’ল নলবাৰী হৰি মন্দিৰত ৷
কিয়নো এইবেলি 88 বৰ্ষত ভৰি দিয়া নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীয়ে কৰা হৈছে বাতিল ৷ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাস উদযাপন কমিটিসমূহে ৷ অৱশ্যে ৰাস কমিটিৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰিছে বহু ৰাসপ্ৰেমী ৰাইজে ৷
লগতে পঢ়ক : Raas Mahotsav : মৰিগাঁৱত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাস মহোৎসৱ