মৰিগাঁও, 25 জুন : উচ্ছেদৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে মৰিগাঁৱৰ ৰাইজে ৷ শনিবাৰে উচ্ছেদৰ দাবীত মৰিগাঁও জিলাৰ ভূৰাগাঁও দৈনিক বজাৰত একাংশ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰী পথৰ ওপৰত অবৈধ দোকান উচ্ছেদৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভূৰাগাঁও দৈনিক বজাৰত অব্যাহত থকা ভূমি বেদখল মুক্ত কৰাৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ।
উল্লেখ্য যে, একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি ৰাইজৰ অসুবিধাক উপেক্ষা কৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও দৈনিক বজাৰৰ ৰাজপথ আৱদ্ধ কৰি ব্যৱয়ায় চলায় থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । সৰ্বসাধাৰণ ৰাইজে ওজৰ আপত্তি কৰাৰ পিচতো গা লৰা পৰিলক্ষিত হোৱা নাছিল ব্যৱসায়ীসকলৰ । ইয়াৰ পিচতে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ উচ্ছেদৰ দাবী তোলে প্ৰতিবাদী ৰাইজে ।
জিলাখনৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ভূৰাগাঁও নতুন বজাৰত চৰকাৰী ৰাস্তাৰ ওপৰত অবৈধভাৱে বহুওৱা দোকান-পোহাৰবোৰ উচ্ছেদ কৰি ৰাস্তা মুকলি কৰি দিয়াৰ দাবী জনায় প্ৰতিবাদ ৰাইজে । ভূৰাগাঁও নতুন বজাৰত চৰকাৰী ৰাস্তা দখল কৰি একাংশই অবৈধভাৱে দোকান-পোহাৰ নিৰ্মাণ কৰাৰ ফলত গাড়ী-মটৰৰ চলাচলত বহু অসুবিধাই দেখা দিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।
চৰকাৰী ৰাস্তাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-পোহাৰবোৰ উচ্ছেদ কৰি পথটো যাতায়তৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায় ৰাইজে । স্থানীয় ৰাইজে এই সন্দৰ্ভত অধিক জানিবলৈ দি ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াক লিখিতভাৱে জনোৱাৰ পিছতো আজি পৰ্যন্ত এইক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে ৰাইজে ।
শীঘ্ৰে চৰকাৰী ৰাস্তাৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-পোহাৰ উচ্ছেদ কৰি ৰাস্তা মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰিগাঁও জিলা প্ৰশাসনলৈ আহ্বান জনায় প্ৰতিবাদী ৰাইজে ৷
লগতে পঢ়ক : Odisha road accident : গঞ্জামৰ ডিগাপাহাণ্ডীত দুখন বাছৰ মাজত মুখামুখি সংঘৰ্ষ; আহত 10 নিহত 6