মৰিগাঁও, 9অক্টোবৰ : মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগী ভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যালয় । সচিব ৰাতুল ডেকাৰ বিৰুদ্ধে স্বাক্ষৰ জালিয়াতিৰ অভিযোগ ৰাইজৰ ।
উল্লেখযোগ্য যে, যোগান বিভাগ বিষয়াৰ লগত সমবায় সচিবৰ গোপন বুজাবুজিৰে দীৰ্ঘ দিনৰ পৰা বিভিন্ন জালিয়াতি কৰা বুলি অভিযোগ তুলিছে স্থানীয় গ্ৰাহক সকলে । তাৰোপৰি শুকুৰবাৰে সভাপতিৰ স্বাক্ষৰ জালিয়াতি কৰাৰ অভিযোগত আৰু একাংশ খাদ্য সুৰক্ষাৰ চাউলৰ পৰা বঞ্চিত লোকে জাগী ভকতগাঁও সমবায়ৰ কাৰ্যালয় ঘেৰাও কৰে একাংশ ৰাইজে ।
![মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগীভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যলয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09:20:25:1602258625_as-mrg-9-thoct-ssltd-rtu-806-vis-img-bt-as10005_09102020203448_0910f_1602255888_885.jpg)
জাগী ভকতগাঁও সমবায় সমিতিৰ সচিব আৰু মৰিগাঁও জিলা যোগান বিষয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি জাগী ভকতগাঁও সমবায় সমিতিৰ অন্তৰ্গত মদনবড়ী অঞ্চলৰ কেইবা শ লোকে আজি বহুদিন ধৰি বঞ্চিত হৈ আছে অসম চৰকাৰৰ খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলকে ধৰি অন্য সামগ্ৰীৰ পৰা ৷
![মৰিগাঁৱত উপভোক্তা গ্ৰাহক ৰাইজে ঘেৰাও কৰিলে জাগীভকতগাঁৱৰ সমবায় সমিতিৰ কাৰ্যলয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/09:20:26:1602258626_as-mrg-9-thoct-ssltd-rtu-806-vis-img-bt-as10005_09102020203448_0910f_1602255888_546.jpg)
ৰাইজে অভিযোগ কৰা অনুসৰি উক্ত সমবায়ৰ এজেণ্ট জনৰ মৃত্যু হোৱাৰ পিছত ৰাইজৰ মতামত নোলোৱাকৈ অন্য এজন এজেণ্টৰ পৰা চাউল ল'বলৈ বাধ্য কৰিছিল সমবায় খনৰ সচিব ৰাতুল ডেকাই ৷ মৰিগাঁও জিলা যোগান বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত জাগী ভকতগাঁও সমবায় সমিতিৰ সচিব গৰাকীৰ গোপন বুজাবুজি আছে বুলি খাদ্য সুৰক্ষাৰ চাউলৰ পৰা বঞ্চিত লোক সকলে অভিযোগ কৰে ৷