ETV Bharat / state

মৰিগাঁৱত কিয় প্ৰতিবাদত বহিল ৰিক্সা চালক সন্থা !

মৰিগাঁৱত ৰিক্সা চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে জিলা প্ৰশাসনৰ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে দাবী। মৰিগাঁও জিলা প্ৰশাসনক পূৰ্বে দিয়া নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আহ্বান ৰিক্সা চালক সন্থাৰ ।

author img

By

Published : Sep 29, 2020, 6:10 PM IST

protest of rickswa at morigaon
মৰিগাঁৱত কিয় প্ৰতিবাদত বহিল ৰিক্সা চালক সন্থা !

মৰিগাঁও,29 ছেপ্তেম্বৰঃ মঙলবাৰে মৰিগাঁও জিলা ৰিক্সা চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহ সন্মুখত ইনক্লাব জিন্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৰিক্সা চালক সন্থাই । উল্লেখযোগ্য যে,বিগত 2018 চনতে মৰিগাঁৱৰ তদানীন্তন উপায়ুক্ত হেমেন দাসে জিলা খনৰ ৰিক্সা চালক সন্থাৰ প্ৰতি সন্মান জনাই ই-ৰিক্সা চালকক সকলক চহৰখনৰ কেতবোৰ অঞ্চল তথা পথৰ ভিতৰে চলাচল কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল । পিছে আজিকোপতি সেই নিৰ্দেশনা কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত মাজে মাজে ৰিক্সা আৰু ই-ৰিক্সা চালকক সকলৰ মাজত সৃষ্টি হৈছে একাধিক বাৰ সংঘাতৰ। যাৰ ফলত বহুবাৰ ৰিক্সা চালক সন্থাই বিষয়টো মীমাংসাৰ বাবে গণতান্ত্ৰিক ভাৱে আন্দোলন কৰি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে ।

ইপিনে মঙলবাৰে মৰিগাঁও জিলা প্ৰশাসনে ৰিক্সা চালক সন্থাক পূৰ্বে অনুমতি প্ৰদান কৰাৰ পিছতো কাৰ্যসূচী ৰূপায়ণত বাধা আৰোপ কৰাত গান্ধী ভৱনৰ সমীপতে সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক মুনিন মহন্তই বক্তব্য প্ৰদান কৰি জিলা প্ৰশাসনৰ ভূমিকাক কটু ভাষাৰে সমালোচনা কৰে । তাৰ সমান্তৰালকৈ সন্থাৰ সম্পাদক গৰাকীয়ে জিলা প্ৰশাসনক দুখীয়া ৰিক্সা চালক সকলক পেটে ভাতে ম’ৰাৰ বাবে গৰিহণা দিয়ে।

লগতে পঢ়কঃ পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.