ETV Bharat / state

কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিৰুদ্ধে মুখ খুলিলে আমিনুল ইছলামে - Congress

কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ মিত্ৰতাৰ বিষয়টো তুংগত উঠাৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে মুখ খুলিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ মৈৰাবাৰীৰ বিধায়কগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিধায়কগৰাকীৰ এনে আচৰণে দুই দলৰ মাজত ৰাজনৈতিক সংঘাত সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনাকে ব্যক্ত কৰিছে ৷

Press meet of Aminul Islam against Congress morigaon assam etv bharat news
আমিনুল ইছলামৰ সংবাদমেল
author img

By

Published : Oct 10, 2020, 8:13 PM IST

মৰিগাঁও,10 অক্টোবৰ: শনিবাৰে মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰিদৰ্শন বাংলোত এক সংবাদমেল সম্বোধন কৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ এআইইউডিএফ-ৰ বিধায়কগৰাকীয়ে সংবাদমেলখনৰ জৰিয়তে কংগ্ৰেছৰ মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে কিছু বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷ মৈৰাবাৰী ব্লক কংগ্ৰেছৰ নেতাসকলক প্ৰত্যুত্তৰ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয় যে, মৈৰাবাৰী মহাবিদ্যালয়ৰ নামত বিজ্ঞান শাখাৰ অনুমোদন হোৱাৰ পিছত কটহগুৰি(টুকটুকী) লৈ স্থানান্তৰ কৰাৰ যো-জা চলোৱাৰ সন্দৰ্ভত অপপ্ৰচাৰ চলাৰ কথা ব্যক্ত কৰে বিধায়ক ইছলামে ৷ লগতে উত্থাপিত অভিযোগৰ প্ৰসংগত সঠিক তথ্য আৰু প্ৰমাণ দাঙি ধৰি তাক ৰাজহুৱা কৰিবলৈ আহ্বান জনাই ধিঙৰ বিধায়ক ইছলামে ৷

আনহাতে, প্ৰয়োজনীয় ভূমিৰ অভাৱত কস্তুৰবা বালিকা বিদ্যালয় অস্থায়ীভাৱে অন্য ঠাইলৈ উঠি গ’লেও শীঘ্ৰে হাতীমূৰীয়াত স্থায়ীভাৱে বিদ্যালয়খন নিৰ্মাণ কৰাৰ কথা সদৰী কৰে বিধায়ক আমিনুল ইছলামে । এআইইউডিএফ-ৰ বিধায়কগৰাকীয়ে কোনো এটা বিষয়ত অভিযোগ উত্থাপন কৰিলে ভালদৰে বিষয়সমূহ জানিলৈহে কৰিব লাগে বুলি মৈৰাবাৰীৰ ব্লক কংগ্ৰেছৰ কৰ্মীসকলক কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷

ইফালে, মিঞা পৰিষদে মৈৰাবাৰী বজাৰ নিৰ্মাণৰ নামত বিধায়কগৰাকীক 10 দিনৰ সময়সীমা বান্ধি দিয়াৰ সন্দৰ্ভতো তীব্ৰ প্ৰত্যাহ্বান জনাই নিৰ্বাচনৰ পূৰ্বে ধৰ্ণা দিয়াটো একাংশৰ নীতি হৈ পৰা বুলি সমালোচনা কৰে ৷ তদুপৰি পৰৱৰ্তী নিৰ্বাচনত মিত্ৰজোঁটৰ চৰকাৰে শাসনৰ গাদী দখল কৰিব পাৰিলে ধিং সমষ্টিত বহু উন্নয়নমূলক কাৰ্য কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক আমিনুল ইছলামে ৷

লগতে চাওকঃ কঠোৰ নীতি-নিয়মৰ মাজেৰে কাইলৈৰ পৰা খুলিব কামাখ্যাৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.