মৰিগাঁও,5 জানুৱাৰী: মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে আবেলি ৩ বজাত জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত আগন্তুক গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এই বেলিও নিয়মীয়া কাৰ্যসূচীৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হয় ।
![Preparations for Republic Day celebrations in Morigaon district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-02-5jan-meeting-as10013_05012021181941_0501f_1609850981_97.jpg)
অৱশ্যে সভাখনত ক'ভিড-১৯ ৰ নতুন নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এই বেলি গণৰাজ্য দিৱস উদযাপনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে । জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসে সভাত উপস্থিত থকা সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে সহযোগ আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে ৷