ETV Bharat / state

সোণগুটি চপাবলৈ সাজু ৰাজ্যৰ কৃষক সমাজ - সোণগুটি

কৃষক সমাজৰ প্ৰিয় মাহ আঘোণলৈ মাজত মাথো কেইটামান দিন বাকী ৷ কৃষকসকল তৎপৰ হৈ উঠিছে সোণগুটি চপাবলৈ ৷ চাওক আমাৰ এক প্ৰতিবেদন ৷

Preparation for aaghun in morigaon assam etv bharat news
কৃষক সমাজৰ প্ৰিয় মাহ আঘোণ
author img

By

Published : Nov 8, 2020, 8:22 PM IST

মৰিগাঁও,8 নৱেম্বৰ: আঘোণৰ আগমনৰ লগে লগে ক্ৰমশঃ সোণোৱালী হ’বলৈ ধৰিছে পথাৰসমূহ ৷ আহ্লাদিত হৈ পৰিছে কৃষকৰ মন ৷ কিয়নো ঘৰলৈ আগমন ঘটিব লখিমীৰ ৷ লাহে লাহে ব্যস্ততা বাঢ়িব দাৱনীসকলৰো ৷ হাতত কাঁচি, ঘিলাচকলীয়া মুঠি আঘোণৰ পথাৰৰ পৰিচিত দৃশ্য ৷

কৃষক সমাজৰ প্ৰিয় মাহ আঘোণ

মৰিগাঁৱতো কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা সোণগুটি আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী দাৱনী ৷ মুঠৰ ওপৰত আঘোণক আদৰিবলৈ এতিয়া সীমাহীন ব্যস্ততা কৃষিৰ লগত জড়িত প্ৰতিগৰাকীৰে ৷ সকলো দুখ-ভাগৰ পাহৰি মৰিগাঁৱৰ লখিমী পথাৰত এনেদৰে একেলগ হৈ হাতত কাঁচি লৈ আঘোণক আদৰাৰ প্ৰস্তুতি চলোৱা দেখা গ’ল দাৱনী-হালোৱা-হজুৱাসকলক ৷

লগতে চাওকঃ অনিয়মৰ অভিযোগ: সমবায় এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.