ETV Bharat / state

Trade fair in Morigaon: মৰিগাঁৱত 23 দিনীয়াকৈ প্ৰাক্ ৰঙালী বিহু বাণিজ্য মেলাৰ আয়োজন

author img

By

Published : Apr 7, 2023, 4:11 PM IST

বৃহস্পতিবাৰে নিশা ঢোল, তাল, পেঁপা, গগণা, সুতুলী, বাঁহী আৰু জাউৰীয়ে জাউৰীয়ে বিহুনামেৰে মুখৰিত হৈ পৰে মৰিগাঁৱৰ আকাশ-বতাহ । বিহুৱা-বিহুৱতীক উৎসাহিত কৰাৰ মানসেৰে ওজা ঢোলীয়া, বৰবিহুৱতী সকলো ব্যস্ত এতিয়া প্ৰাক ৰঙালী বিহু উদযাপনত (Pre Rangali Bihu celebration) ৷

pre rangali bihu trade fair
প্ৰাক্ ৰঙালী বিহু বাণিজ্য মেলা

মৰিগাঁও, 7 এপ্ৰিল : ৰাজ্যত চাৰিওদিশে দেখিবলৈ পোৱা গৈছে ৰঙালীৰ উছাহ ৷ প্ৰতিখন জিলাতে অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা ৷ ৰঙালী বিহুৰ আগমণৰ সময়তে মৰিগাঁৱত অনুষ্ঠিত হৈছে বাণিজ্য মেলা ৷ বৃহস্পতিবাৰে মৰিগাঁও স্কুল খেলপথাৰৰ বাকৰিত প্ৰাক ৰঙালী মুকলি বিহু উদযাপন কৰা হয় ৷ বাণিজ্য মেলাত প্ৰদৰ্শন কৰা বিহুনাচে উপস্থিত দৰ্শকক আপ্লুত কৰে । জাংফাই বিহু দলৰ বিহুৱা, বিহুৱতীসকলে বিহুনাচ পৰিৱেশনৰে মেলাৰ শুভাৰম্ভ কৰে (pre rangali bihu trade fair) ।

বিহুৰ সময়ত থলুৱা আত্মসহায় গোট আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠনৰ অশ্বথৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা (Rangali Bihu 2023) । মৰিগাঁও স্কুল খেল পথাৰত অনুষ্ঠিত এই বাণিজ্যৰ মেলা উদ্বোধন কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলীয়ে । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও পৌৰসভাৰ উপ পৌৰপতি পিংকুমণি দাস, মৰিগাঁও পৌৰসভাৰ মৰিগাঁও জিলা বিজেপি সভাপতি প্ৰবীণ মেধি, দন্দুৱা জিলা পৰিষদৰ সদস্যা মাধুৰীমা গোস্বামী, বিশিষ্ট কবি সীমা বৰা, ক্ৰীড়া সংগঠক দিব্যজ্যোতি মহন্ত, বসন্ত কাকতিকে ধৰি মৰিগাঁও আগশাৰী সমাজ সেৱকসকল ৷ বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানটোৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী লক্ষী ডেকাই (Pre Rangali Bihu celebration in Morigaon) ।

বাণিজ্য মেলাৰ সন্দৰ্ভত অশ্বথৰ উপ সভাপতি প্ৰাণজিত হাজৰিকাই জনোৱা মতে এই মেলাত বিহুৰ পিঠা-পনা, লাড়ু, সান্দহ, পঢ়ুৱৈৰ বাবে গ্ৰন্থৰ পৰা আৰম্ভ কৰি নৃগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু অসমীয়াৰ পৰম্পৰাগত সাজপাৰ উপলদ্ধ হ'ব । আনহাতে তিনিশ টকাতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয় কৰিলে এটা লটাৰী টিকত লাভ কৰিব ক্ৰয় কৰোঁতাই । মেলাৰ সামৰণি অনুষ্ঠানত পুৰষ্কাৰ সমূহ প্ৰদান কৰা হ’ব (Morigaon Rangali bihu trade fair) ।

লগতে পঢ়ক : State flower of Assam: 130 বিধ কপৌফুল সংৰক্ষণ কৰি চৰ্চালৈ আহিছে ধেমাজিৰ টংকেশ্বৰ দলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.