ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনাৰে মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ

author img

By

Published : Dec 13, 2020, 10:42 PM IST

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ শাসক-বিৰোধী ৷ মৰিগাঁও জিলাৰ 16 নং শলমাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক প্ৰকাৰ আক্ৰমণাত্মক মন্তব্যৰে ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷

pradyut bardoloi reaction about himanta biswa sharma
হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনাৰে মৰিগাঁৱত নিৰ্বাচনী প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ

মৰিগাঁও, 13 ডিচেম্বৰ: ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ দেওবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মৰিগাঁৱত উপস্থিত হয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ 16 নং শলমাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী নৰোত্তম ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক প্ৰকাৰ আক্ৰমণাত্মক মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে ৷

16 নং শলমাৰী পৰিষদীয় সমষ্টিৰ গৰম বজাৰৰ ৰাজহুৱা ভৱনত নিৰ্বাচনী সভাত বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডীৰ ওচৰত অভিযোগ দাখিল কৰাৰ কথা উল্লেখ কৰে তেওঁ ৷ লগতে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটি টকীয়া কেলেংকাৰী, লুইছ বাৰ্জাৰ আৰু সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ মহানায়ক বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক: BTR আৰু TAC নিৰ্বাচন শাসকীয় দল বিজেপিৰ বাবে টেষ্ট পৰীক্ষাহে: ৰণজিত কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.