ETV Bharat / state

কাতি মাহৰ আৰম্ভণিৰ লগে লগে ব্যস্ততা বাঢ়িছে কমাৰ শিল্পীৰ - খেতিৰ সৈতে জড়িত সঁজুলি কাঁচি

কাতি মাহৰ আৰম্ভণিৰ লগে লগে ব্যস্ততা বাঢ়িছে কৃষক ৰাইজৰ লগতে কমাৰশিল্পী সকলৰ ৷ কাৰণ সমুখত ধান চপোৱাৰ সময় ৷ যাৰ পৰিপ্ৰেক্ষিতত কমাৰ শিল্পীসকল কমাৰশালত এতিয়া কাঁচি তৈয়াৰ কৰাত ব্যস্ত ৷

potters are busy during Assamese kati month
কাতি মাহৰ আৰম্ভণিৰ লগে লগে ব্যস্ততা বাঢ়িছে কমাৰ শিল্পীৰ
author img

By

Published : Oct 19, 2020, 2:29 PM IST

মৰিগাঁও,19 অক্টোবৰঃ অসমৰ চহা ৰাইজৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কাতি মাহ ৷ কাতি মাহৰ আৰম্ভণিৰ লগে লগে ব্যস্ততা বাঢ়িছে কৃষক ৰাইজৰ লগতে কমাৰশিল্পী সকলৰ ৷ কাৰণ ধান চপোৱাৰ সময় সমাগত ৷ যাৰ পৰিপ্ৰেক্ষিতত কমাৰ শিল্পী সকল কমাৰশালত এতিয়া কাঁচি তৈয়াৰ কৰাত ব্যস্ত ৷ তেনে এক দৃশ্য পৰিলক্ষিত হ'ল মৰিগাঁৱত ৷

জিলাখনৰ ভিন্ন ঠাইত থকা কমাৰশিল্পীসকলে উদ্যমেৰে তৈয়াৰ কৰি উলিয়াইছে খেতিৰ সৈতে জড়িত সঁজুলি কাঁচি ৷ উল্লোখযোগ্য যে, 6 মাহ ধৰি হোৱা লক ডাউনৰ ফলত কমাৰ শিল্পী সকলক একপ্ৰকাৰ জুৰুলা কৰি পেলোৱাৰ লগতে জীৱনলৈ অশনি সংকেত নামি আহিছিল ৷ কিন্তু এতিয়া যেন পুনৰ নতুনকৈ জীৱিকাৰ পাতনি মেলিছে কমাৰসকলেও ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে পুনঃমুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.