ETV Bharat / state

কোটিটকীয়া পথ নিৰ্মাণৰ নামত মৰিগাঁৱত ঠিকাদাৰৰ লুণ্ঠন

গভীৰ নিদ্ৰাত গড়কাপ্তানি বিভাগ।

কোটিটকীয়া পথ নিৰ্মাণৰ নামত মৰিগাঁৱত ঠিকাদাৰৰ লুণ্ঠন
author img

By

Published : Apr 29, 2019, 5:18 PM IST

মৰিগাওঁ,২৯ এপ্ৰিলঃ দূৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীল বুলি চৰকাৰে শ্লোগান আঁওৰাই থকাৰ সময়তে মৰিগাঁৱৰ ৰাজ্যিক গড়কাপ্তানি বিভাগত অব্যাহত আছে লুণ্ঠনৰাজ । উত্থাপিত অভিযোগ অনুসৰি মৰিগাঁৱত এই লুণ্ঠনৰাজ চলাইছে নগাঁৱৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰাম অৱতাৰ এণ্ড কোম্পানীয়ে । তাৰেই এতিয়া প্ৰত্যক্ষ প্ৰমাণ হৈছে লাহৰীঘাট-মৈৰাবাৰী তথা ভূৰাগাঁও-নগাঁও সংযোগী কোটিটকীয়া পথছোৱা । পথছোৱাৰ শোচনীয় অৱস্থাৰ ফলত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে লাহৰীঘাটৰ স্থানীয় বাসিন্দাসকল। স্থানীয় লোকে ঠিকাদাৰৰ মহৰী আৰু শ্ৰমিকক বাৰম্বাৰ কোৱাৰ পাছতো আজিলৈ কোনো সলনি নহ'ল পথছোৱাৰ নিৰ্মাণ কাৰ্যত। ইয়াৰ ফলত উগ্ৰৰূপ ধাৰণ কৰে ৰাইজে। ৰাইজৰ উগ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় মহৰী তথা শ্ৰমিক । পৰিতাপৰ বিষয় যে ইমানৰ পিছতো গা লৰা নাই মৰিগাঁও জিলা ৰাজ্যিক গড়কাপ্তানি বিভাগৰ । সেয়েহে ৰাইজে বিষয়টো সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপেৰে পথছোৱা পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে ৷

Slug-as-mrg-29thapril-Low quality Road-804-vis-bty-ratul deka

Anchorintro:কোটিটকীয়া পথ নিৰ্মাণৰ নামত মৰিগাঁৱত ঠিকাদাৰৰ  লুণ্ঠনৰাজ।ক্ষুব্ধ ৰাইজ।গভীৰ নিদ্ৰাত গড়কাপ্তানি বিভাগ।বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ।
VO: দূৰ্নীতিৰ  ক্ষেত্ৰত শূন্যসহনশীল বুলি চৰকাৰে শ্লগান আওৰাই  থকাৰ সময়তে মৰিগাঁৱৰ ৰাজ্যিক গড়কাপ্তানি বিভাগত অব্যাহত আছে লুণ্ঠনৰাজ ।উত্থাপিত অভিযোগ অনুসৰি মৰিগাঁও এই লুণ্ঠনৰাজ চলাইছে নগাঁৱস্হ নিৰ্ম্মাণ প্ৰতিষ্ঠাণ ৰাম অৱতাৰ এণ্ড কোম্পানীয়ে ।এইয়া তাৰেই প্ৰত্যক্ষ প্ৰমাণ লাহৰীঘাট-মৈৰাবাৰী তথা ভূৰাগাঁও-নগাঁও সংযোগী কোটিটকীয়া পথছোৱা ।চাওঁক  পথ নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে কেনেদৰে ক্ষুব্ধ হৈ পৰিছে স্হানীয় লাহৰীঘাটৰ  বাসিন্দাসকল। স্হানীয় লোকসকলে ঠিকাদাৰৰ মহৰী আৰু শ্ৰমিকক বাৰম্বাৰ কোৱাৰ পাছতো পালমৰা বিধৰ কাম কৰি থকাৰ বাবে এনেদৰেই কাৰ্পেটিং এৰুৱাই ৰাইজে নিম্নমানৰ কামৰ নমুনা দাঙি ধৰে সংবাদ মাধ্যমৰ কেমেৰাৰ  সন্মুখত ।byte:public. 
        হয় ঠিকেই শুনিছে আপুনি ।ৰাইজৰ উগ্ৰ ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় মহৰী তথা  শ্ৰমিক ।পৰিতাপৰ বিষয় যে ইমানৰ পিছতো গা লৰা নাই মৰিগাঁও জিলা ৰাজ্যিক গড়কাপ্তানি বিভাগৰ । সেয়েহে ৰাইজৰ দাবী বিষয়টো সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী তুলি  টকীয়া পথছোৱা পুনৰ নিৰ্মাণ কৰিব লাগে ।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.