ETV Bharat / state

গভীৰ সংকটত শিক্ষাৰ্থী: বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিলেও এবছৰে নিযুক্তি দিয়া নাই উপাচাৰ্য - JORHAT JAGANNATH BARUAH UNIVERSITY

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়খন এবছৰ পূৰ্বেই বিশ্ববিদ্যালয়লৈ উন্নীত হৈছিল । কিন্তু এবছৰে উন্নয়ন নহ'ল আন্তঃগাঁথনিৰ । নিযুক্তি দিয়া নাই উপাচাৰ্যও ৷

Jorhat Jagannath Baruah University
যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 8:39 AM IST

যোৰহাট: অসম চৰকাৰে উচ্চ শিক্ষাৰ মান অধিক শক্তিশালী আৰু গতিশীল কৰি তুলিবৰ বাবে ৰাজ্যৰ ঐতিহ্যবাহী কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সকলো স্তৰতেই প্ৰশংসিত হৈছিল । মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা তেনে এখন ঐতিহ্যবাহী মহাবিদ্যালয় হৈছে উজনিৰ শিক্ষা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় চমুকৈ জে বি কলেজ ।

এবছৰে এখন ফলকহে ওলমিল

ৰাজ্য চৰকাৰে বিগত ২০২৩ বৰ্ষৰ পহিলা ডিচেম্বৰত অসম চৰকাৰৰ গেজেট নটিফিকেশ্যনৰ জৰিয়তে জগন্নাথ বৰুৱা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰে । সেই সময়তেই যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ নামেৰে এখন ফলকো ওলমিল । ফলক ওলমিল ঠিকেই, কিন্তু এটা বছৰে ৰাজ্য চৰকাৰখনে উপাচাৰ্য নিযুক্তিকে ধৰি যাৱতীয় যিসমূহ কাম কৰি তুলিব লাগিছ সেইসমূহ নকৰিলে । ছাত্র- ছাত্ৰীসকলৰ শৈক্ষিক ব্যৱস্থাৱলীও সাজু হৈ নুঠাত অনিশ্চয়তাত দিন কটাব লগীয়া হৈছে শিক্ষাৰ্থী সমাজে ।

যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (ETV Bharat Assam)

ক্ষোভিত ছাত্র সমাজ

ফলত ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগৰ ওপৰত ক্ষোভত ফাটি পৰিছে ছাত্র সমাজ । আনহাতে, আছুৰ যোৰহাট জিলাৰ সক্ৰিয় কৰ্মী তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অজুৰ্ন মণি ভূঞাই এই সন্দৰ্ভত কয়, "যিদৰে ৰাজ্য চৰকাৰে একাদিক্ৰমে চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিলে, ঠিক সেই অনুপাতে আন্তঃগাঁথনি আৰু বিভিন্ন সা-সুবিধা গঢ়ি তুলিব নোৱাৰিলে । মাত্ৰ চিকিৎসা মহাবিদ্যালয় খোলাৰ নামত এক চমকহে সৃষ্টি কৰিলে । ঠিক তেনে পদক্ষেপেই গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো । ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই । তেওঁ নামতহে শিক্ষামন্ত্ৰী হৈছে । তেওঁ এজন পুতলা শিক্ষামন্ত্ৰী ।"

প্ৰাক্তন ছাত্ৰজনে ৰাজ্য চৰকাৰে মহাবিদ্যালয় সমূহক নামত বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ।

আনহাতে, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্র একতা সভাৰ সভাপতি পল্লৱী বৰাই ৰাজ্য চৰকাৰৰে উচ্চ শিক্ষানুষ্ঠান আৰম্ভ কৰি এবছৰে উপাচাৰ্য প্ৰদান নকৰা, উপযুক্ত আন্তঃগাঁথনি গঢ়ি তুলিব নোৱাৰি শিক্ষাক লৈ কৰা এনে অনীহাক ধিক্কাৰ দিয়ে । শীঘ্ৰে এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰক তেওঁ দাবী জনায় ।

লগতে পঢ়ক:জে বি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন: আছু প্ৰাৰ্থীৰ জয়লাভ - General Election in JB College

অসম চিকিৎসা মহাবিদ্যালয়ত যুদ্ধসদৃশ পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.