ETV Bharat / state

কটা নাযায় দীঘলীপুখুৰীৰ গছ ! ৰবীন্দ্ৰ ভৱনৰ ওচৰতেই ৰৈ যাব উৰণ সেতু- মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা - DIGHALIPUKHURI FLYOVER CONTROVERSY

Dighalipukhuri protest: তীব্ৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে দীঘলীপুখুৰীৰ গছবোৰ নকটাকৈয়ে নিৰ্মাণ হ'ব উৰণ সেতু । কিন্তু কেনেকৈ ?

Dighalipukhuri protest
কটা নাযায় দীঘলীপুখুৰীৰ গছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 11:12 AM IST

গুৱাহাটী : উৰণ সেতু নিৰ্মাণৰ বাবে কটা নহয় দীঘলীপুখুৰীৰ পাৰৰ শতবৰ্ষীয় গছ ৷ ৰবীন্দ্ৰ ভৱনৰ ওচৰতেই ৰৈ যাব নুনমাটিৰ পৰা অহা উৰণ সেতু । গণ বিক্ষোভৰ ওচৰত সেও মানি অৱশেষত এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঙলবাৰে মাজনিশা চানমাৰিত নিৰ্মীয়মান উৰণ সেতুৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নিশা প্ৰায় ১১ মান বজাত চানমাৰি উৰণ সেতু নিৰ্মাণ স্থান পৰিদৰ্শন কৰি অঞ্চলটোৰ গছৰ সংৰক্ষণৰ উদ্দেশ্যে ইয়াৰ ডিজাইন আৰু দৈৰ্ঘ্যত কিছু পৰিৱৰ্তন ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

দীঘলীপুখুৰীৰ গছ কটা নহয়

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, "যিহেতু মই ৰাজহুৱাভাৱে এটা প্ৰতিশ্ৰুতি দিলো যে গছ কেইডাল আমি নাকাটো আৰু পুনৰ ৰোপণো নকৰো । গতিকে আমি লোকনিৰ্মাণ বিভাগক সুধিছিলো যে এইটো আমি কেনেকৈ ঠিক কৰিব পাৰো । এতিয়া আমি সিদ্ধান্ত লৈছো উৰণ সেতুখন আহিলে ই দীঘলীপুখুৰীৰ ওচৰত নামিব, আৰু যদি নুনমাটিলৈ যাব খোজে তেন্তে ই লেম্ব ৰোডত উঠিব ৷ দীঘলীপুখুৰীৰ ফালে উৰণ সেতুখন আগুৱাই নাযায় । ফলত গছকেইডাল কটা নাযায় বা পুনৰ ৰোপণ কৰিব নালাগে । কটাৰ কথা প্ৰথমৰ পৰাই নাছিল ৷ আমাৰো ভাল হ'ব উৰণ সেতুখন সোনকালে ওলাব ৷"

ক'ত শেষ হ'ব উৰণ সেতু ?

বিতৰ্কত সোমাই পৰা উৰণ সেতুখন নুনমাটিৰ পৰা আহি ক'ত শেষ হ'ব সেয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে, "দীঘলীপুখুৰীৰ ফালেও বাহু নাযায়, সন্দিকৈ কলেজৰ ফালেও উৰণ সেতুৰ বাহু নাযায় । চানমাৰিৰ ফালৰ পৰা আহিলে ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰালৰ মাজতেই শেষ হৈ যাব ৷ আনহাতে নুনমাটিলৈ যাবলৈ হ'লে লেম্বৰোডতেই শেষ হৈ যাব যাতে লেম্বৰোডৰ পৰা অহা মানুহখিনিয়েও ফ্লাই অভাৰত উঠিব পাৰে ।"

দীঘলীপুখুৰীৰ উৰণ সেতু বিতৰ্ক

উল্লেখ্য যে, নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংক পৰ্যন্ত নিৰ্মীয়মান উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ শতবৰ্ষ গৰকা পুৰণি গছ কটাৰ বাবে লোকনিৰ্মাণ বিভাগে প্ৰস্তুতি চলাইছিল । কিয়নো উৰণ সেতুখন সন্দিকৈ মহাবিদ্যালয়ৰ সন্মুখত শেষ হোৱাৰ কথা আছিল । এই লৈ ৰাজ্য চৰকাৰে গণক্ষোভৰ সন্মুখীন হ'বলগীয়া হয় । যাৰ ফলত মুখ্যমন্ত্ৰীয়ে বিষয়টো লৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে যে গছ নকটাকৈ কেনেকৈ বিকল্প ব্যৱস্থা কৰিব পাৰি, তাৰ ব্যৱস্থা কৰিবলৈ ।

আনহাতে একাংশ সচেতন নাগৰিকে কাষ চাপে উচ্চ ন্যায়ালয়ৰো । মঙলবাৰে এই প্ৰসংগত গোচৰৰ শুনানি লৈ ১১ নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰো নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে । অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিশা উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈ ঘোষণা কৰে যে ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰালৰ মাজতেই ৰৈ যাব নিৰ্মীয়মান উৰণ সেতুখন ৷ কটা নাযায় দীঘলীপুখুৰী পাৰৰ গছবোৰ ।

লগতে পঢ়ক :উন্নয়নৰ নামত গুৱাহাটীত তিনি বছৰত কটা হ'ল তিনি হেজাৰ জোপা গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.