ETV Bharat / state

মৰিগাঁৱত পৰিত্যক্ত অৱস্থাত ২৪০ নং অংগনবাদী কেন্দ্ৰ - মৰিগাঁৱত পৰিত্যক্ত অৱস্থাত অংগনবাদী কেন্দ্ৰ

লাহৰীঘাট দক্ষিণ ভূঞাবাৰী পথাৰৰ ২৪০ নং অংগনবাদী কেন্দ্ৰটোৰ অৱস্থা এতিয়া তথৈবচ ৷ উক্ত কেন্দ্ৰটোৰ মেৰামতিৰ বাবে দীৰ্ঘদিনৰে পৰা বিভাগীয় কৰ্তৃপক্ষক জনাইছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

ETV BHARAT
মৰিগাঁৱত পৰিত্যক্ত অৱস্থাত ২৪০ নং অংগনবাদী কেন্দ্ৰ
author img

By

Published : May 22, 2020, 11:09 AM IST

মৰিগাঁও, 22 মেঃ মৰিগাঁও জিলাৰ লাহৰীঘাট দক্ষিণ ভূঞাবাৰী পথাৰৰ ২৪০ নং অংগনবাডী এই কেন্দ্ৰটো এতিয়া তথৈবচ অৱস্থা ৷ মেৰামতিৰ বাবে কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷

মৰিগাঁৱত পৰিত্যক্ত অৱস্থাত ২৪০ নং অংগনবাদী কেন্দ্ৰ

উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ লাহৰীঘাট দক্ষিণ ভূঞাবাৰী পথাৰৰ ২৪০ নং অংগনবাডী কেন্দ্ৰটোৰ টিনপাট চাৰি-পাঁচ মাহৰ পূৰ্বে ধুমুহাই উৰুৱাই লৈ গৈছিল । আনহাতে, ৰ'দ-বৰষুণৰ মাজতে লক ডাউনৰ আগলৈকে অংগনবাদী কৰ্মী চাবিনা ইয়াছমিন আৰু সহায়িকা ফুলমতী ৰবী দাসে কেন্দ্ৰটো ভালদৰে পৰিচালনা কৰি আছিল ৷

কেন্দ্ৰটোৰ সহায়িকা ফুলমতি ৰবী দাসৰ মতে, লাহৰীঘাট সংহত শিশু উন্নয়ন বিভাগক উক্ত ঘটনাটো অৱগত কৰা হৈছিল । কিন্তু কেন্দ্ৰটোৰ মেৰামতিৰ বাবে কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে লাহৰীঘাট শিশু উন্নয়ন বিভাগৰ বিৰুদ্ধে । নিৰ্লিপ্ত হৈ আছে মৰিগাঁও সমাজ কল্যাণ বিভাগো । সেয়েহে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক এই কেন্দ্ৰটোৰ প্ৰতি চকু দিবলৈ আহ্বান ৰাইজৰ ৷ তাৰোপৰি ভূঞাবাৰী পথাৰৰ ২৪০ নং কেন্দ্ৰটো মেৰামতি কৰি দি শিশু সকলৰ ভৱিষ্যত চিন্তা কৰিবলৈ ৰাইজে দাবী কৰিছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক- আজিৰৰে পৰা আৰম্ভ ঘৰুৱা বিমানৰ টিকট বুকিং প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.