ETV Bharat / state

কৰ’ণাৰ ভয়াৱহতা : বন্ধ হ’ল পবিতৰা অভয়াৰণ্যৰ দুৱাৰ

মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য । মুলতঃ কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ল’লে বন বিভাগে ৷

pobitora-wildlife-sanctuary-has-closed
পবিতৰা অভয়াৰণ্য বন্ধ
author img

By

Published : May 5, 2021, 9:28 AM IST

মৰিগাঁও, 5 মে’: ৰাজ্যৰ আন আন অভয়াৰণ্যৰ লেখীয়াকৈ মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য । এতিয়াৰে পৰা অনিৰ্দিষ্টকাললৈ দেশী-বিদেশী পৰ্যটকে দৰ্শন কৰিব নোৱাৰিব অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য । ইয়াৰ লগে লগে হাতী আৰু জীপ চাফাৰীও বন্ধ কৰি দিয়া হৈছে ।

এফালে কৰ’ণা মহামাৰী আৰু আনফালে বৰষুণৰ বাবে ভিতৰৰ পথ অসুচল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত অভয়াৰণ্যৰ দুৱাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে । এই কথা জানিবলৈ দিয়ে পবিতৰাৰ ভাৰপ্ৰাপ্ত বন বিষয়াই ৷

লগতে পঢ়ক : বৰপেটাত ১৪০০ জনলৈ ক'ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.