ETV Bharat / state

Pitambar Dev Goswami in Morigaon: মৰিগাঁৱত ডঃ পীতাম্বৰ দেৱ গোস্বামী - Pitambar Dev Goswami in Morigaon

মৰিগাঁৱত ড° পীতাম্বৰ দেৱ গোস্বামীৰ ধৰ্মালোচনা সভা । মৰিগাঁৱৰ বৰঙাবাৰীত শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনিআটি সত্ৰৰ ত্ৰাধিকাৰগৰাকী উপস্থিত হৈ মৰিগাঁওবাসীয়ে সেৱা জনালে সত্ৰাধিকাৰগৰাকীক (Pitambar Dev Goswami in Morigaon)।

Pitambar Dev Goswami Dharmalochana Sabha in Morigaon
মৰিগাঁৱত ড° পীতাম্বৰ দেৱ গোস্বামী
author img

By

Published : May 30, 2023, 1:16 AM IST

মৰিগাঁৱত ড° পীতাম্বৰ দেৱ গোস্বামী

মৰিগাঁও,২৯ মে': মৰিগাঁৱৰ ৰাইজ আন অঞ্চলতকৈ দীঘলীয়া আয়ুস লাভ কৰা লোক বুলি অভিহিত কৰে ড° পীতাম্বৰ দেৱগোস্বামীয়ে । মৰিগাঁৱত উপস্থিত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী । মৰিগাঁও বৰঙাবাৰীত সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰতিষ্ঠাৰ বাবে বৰঙাবাৰী ভক্তপ্ৰাণ ৰাইজ সেৱা গ্ৰহণ কৰি ধৰ্মালোচনা সভাত মন্তব্য আগবঢ়াই কয় যে, আমি যিমানেই আধ্যাত্মিক পৰিবেশত নাথাকো কিয় যেতিয়ালৈকে মানুহৰ মনত আধ্যাত্মিক চেতনা জাগ্ৰত নহয় তেতিয়ালৈকে মানুহ সুৰক্ষিত নহয় (Pitambar Dev Goswami in Morigaon) ।

লগতে তেওঁ কয় যে, যেতিয়াই আত্মিকভাৱে আধ্যাত্মিক চেতনা জাগ্ৰত হয় তেতিয়া এই ভৱ সংসাৰৰ কোনো বিঘিনিয়ে মানৱ সত্বাক হানি ঘটাব নোৱাৰে । মৰিগাঁৱৰ ভক্ত প্ৰাণ ৰাইজ আগতকৈ অধিকাংশ আধ্যাত্মিক চেতনাৰে উজ্জীৱিত হৈছে আৰু সেয়া প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰে (Pitambar Dev Goswami Dharmalochana Sabha in Morigaon) ।

তেওঁ লগতে ৰাইজৰ আদৰণি দেখি অভিভূত হৈ পৰে বুলিও উল্লেখ কৰে । লগতে তেওঁ সমাজখন তথা উদ্যোগক্তাসকলৰ শলাগ লয় । আন অঞ্চলতকৈ মৰিগাঁৱৰ ৰাইজে অধিক আয়ুস লাভ কৰে বুলিও মন্তব্য আগবঢ়াই ড° পীতাম্বৰ দেৱ গোস্বামীয়ে । উত্তৰ মৰিগাঁও বৰঙাবাৰীত ২০১১ চনতে ৰাজ্যৰ আগশাৰী সত্ৰাধিকাৰ গৰাকীয়ে আধাৰশিলা কৰা মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙাবাৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল মাজুলীৰ শ্ৰী শ্ৰী আউনীআটি-সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ।

উল্লেখ্য যে মৰিগাঁও বৰঙাবাৰীৰ এই সত্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে সোমবাৰে বিয়লি ভাগত মৰিগাঁও বৰঙাবাৰীত উপস্থিত হয় শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ড° পীতাম্বৰ দেৱ গোস্বামী । লগে লগে বৰঙাবাৰীবাসী ৰাইজে গায়ন-বায়ন,ভকত-বৈষ্ণৱ,আয়তীৰ উপৰিও ভক্তপ্ৰাণ ৰাইজে এক ভক্তিময় পৰিৱেশ সৃষ্টি কৰি সত্ৰাধিকাৰগৰাকীক আদৰি আনি আটাইয়ে চৰণ চুই আৰ্শীবাদ লয় ।

ইফালে মৰিগাঁও বৰঙাবাৰীৰ ভক্ত প্ৰাণ ৰাইজে ৰাজ্যৰ স্বনামধন্য সত্ৰাধিকাৰগৰাকীৰ প্ৰতি প্ৰদৰ্শন কৰা ভক্তিভৰা পৰিবেশ প্ৰত্যক্ষ কৰি আপ্লুত হৈ প্ৰশংসাৰে উপচাই তোলে মৰিগঞা ৰাইজক । তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰতিষ্ঠাৰ সন্দৰ্ভত উদযাপন সমিতি বিষয়ববীয়াসকলো যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Crime in capital city: গুৱাহাটী মহানগৰীত দিন দুপৰতে দুই যুৱকক ছুৰীকাঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.